বৰপেটা, ৬ নৱেম্বৰঃ বৰপেটা জিলাৰ চেঙাত বন বিভাগৰ অভিযান ৷ শুকুৰবাৰে বহৰি খণ্ড বন বিষয়া বনজিৎ দাস, বৰপেটা ৰোড বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বনপালক অচিন্ত্য দেউৰী আৰু কৰুণাকান্ত দাসৰ নেতৃত্বত আৰু তাৰাবাৰী আৰক্ষীৰ সহযোগত চলা অভিযানত বৰপেটা জিলাৰ চেঙাত এটা অবৈধ কাঠফলা কল জব্দ কৰা হয় ৷
চেঙাত বন বিভাগৰ অভিযানত জব্দ অবৈধ কাঠফলা মিল - Illegal timber mill seized at Barpeta
শুকুৰবাৰে বৰপেটা জিলাৰ চেঙাত বন বিভাগৰ অভিযানত এটা অবৈধ কাঠফলা মিল জব্দ কৰা হয়। ইতিমধ্যে কলটোৰ যন্ত্ৰপাতি সমূহ বৰপেটা খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে বনবিভাগৰ লোকে ৷

চেঙাত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ
আনহাতে, ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হোৱাৰ পূর্বেই কলটোৰ গৰাকী আৰু শ্ৰমিকসকলে পলায়ন কৰে ৷ ইতিমধ্যে কলটোৰ যন্ত্ৰপাতি সমূহ বৰপেটা খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে বনবিভাগৰ লোকে ৷
লগতে পঢ়কঃ পাকিস্তান জিন্দাবাদ ধ্বনিঃ বিধায়ক আজিজ আহমেদ খানৰ প্ৰতিক্ৰিয়া