বৰপেটাৰোড,21 জানুৱাৰীঃ সৰভোগৰ বেকী নৈৰ উন্নেকুৰী ঘাটৰ খুদনাবাৰী আৰু জামাদাৰবড়ীত শিল বালিৰ ব্যাপক অনিয়ম ৷ চৰকাৰক ৰাজহ ফাঁকি দি চালানৰ পৰিৱৰ্তে মহলদাৰৰ শ্লিপ আৰু বিনা চালানেৰে নিতৌ শিলবালি কঢ়িয়াই আহিছে শ শ ডাম্পাৰ-ট্ৰেক্টৰে ৷ এই ক্ষেত্ৰত বন বিভাগৰ বিষয়া কৰ্মচাৰীও চকু মুদা কুলিৰ ভাওত অৱতীৰ্ণ হৈ আছে ৷
সৰভোগৰ বেকী নৈত শিল-বালিৰ অবৈধ ব্যৱসায় - Illegal stone scam at Beki river
বৰপেটাৰোড আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্হ তথা সৰভোগ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত জামাদাৰবড়ী আৰু খুদনাবাৰীৰ শিল বালি মহলৰ পৰা নিতৌ অবৈধ ভাৱে শিলবালি কঢ়িয়াই আছে একাংশ অসাধু লোকে ৷ সৰভোগৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কাষেৰে নিতৌ এই সমূহ ডাম্পাৰ-ট্ৰেক্টৰেৰ চালানবিহীনভাৱে শিলবালি কঢ়িয়াই আহিছে এইসমূহ ডাম্পাৰে ৷
উল্লেখ্য যে,বৰপেটাৰোড আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনষ্ঠ তথা সৰভোগ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত জামাদাৰবড়ী আৰু খুদনাবাৰীৰ শিল বালি মহলৰ পৰা নিতৌ অবৈধ ভাৱে শিলবালি কঢ়িয়াই আছে একাংশ অসাধু লোকে ৷ সৰভোগৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কাষেৰে নিতৌ এই সমূহ ডাম্পাৰ-ট্ৰেক্টৰেৰ চালান বিহীনভাৱে আৰু মহলদাৰৰ শ্লিপেৰে বৰপেটা জিৱাৰ ভিন্ন প্ৰান্তত শিলবালি কঢ়িয়াই একাংশ অসাধু লোকে ধন লুটি আছে ৷ কিন্তু সকলো জানিও বন বিভাগৰ লোকে এই ক্ষেত্ৰত নিৰৱ ভূমিকা অৱলম্বন কৰি আহিছে ৷
লগতে পঢ়ক-তিনি লাখ টকাত বিক্ৰী নিজ সন্তানক