অসম

assam

ETV Bharat / state

দোকান নিৰ্মাণেৰে চৰকাৰী মাটি বেদখল - বৰপেটা জিলা

কলগাছিয়াৰ ৰূপসী খণ্ড উন্নয়নৰ মাটি বেদখল কৰি একাংশ দোকানীয়ে দোকান নিৰ্মাণ কৰাৰ এক অভিযোগ উঠিছে । বিগত দুবছৰ ধৰি একাংশ ব্যৱসায়ীয়ে দোকান নিৰ্মাণৰ জৰিয়তে ৰূপসী খণ্ড উন্নয়নৰ মাটি বেদখল কৰি আহিছে বুলি জানিবলৈ দিছে স্থানীয় একাংশ সচেতন লোকে ৷

illegal-shop-making-at-guwahati
দোকান নিৰ্মাণেৰে চৰকাৰী মাটি বেদখল

By

Published : Jan 16, 2021, 7:11 PM IST

জনীয়া,16 জানুৱাৰী : বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী খণ্ড উন্নয়নৰ মাটি বেদখল কৰি একাংশ দোকানীয়ে দোকান নিৰ্মাণ কৰাৰ এক অভিযোগ উঠিছে । বিগত দুবছৰ ধৰি একাংশ ব্যৱসায়ীয়ে দোকান নিৰ্মাণৰ জৰিয়তে ৰূপসী খণ্ড উন্নয়নৰ মাটি বেদখল কৰি আহিছে বুলি জানিবলৈ দিছে স্থানীয় একাংশ সচেতন লোকে ৷

দোকান নিৰ্মাণেৰে চৰকাৰী মাটি বেদখল

ইয়াৰ সমান্তৰালভাৱে এই বেদখল কাৰ্য সন্দৰ্ভত স্থানীয় লোকে বিভগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ অঞ্চলটোৰ সচেতন লোকে সাংবাদিকৰ আগত সদৰি কৰা মতে ৰূপসী খণ্ড উন্নয়ন বিষয়া মঞ্জুশ্ৰী ঘোষে এই নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ লগতে বৰ্তমান সময়লৈকে বিভাগীয় কৰ্তৃপক্ষকো অৱগত কৰা নাই ৷

দোকান নিৰ্মাণেৰে চৰকাৰী মাটি বেদখল

ইফালে, অবৈধভাৱে এই দোকানসমূহ নিৰ্মাণ কৰা সন্দৰ্ভত সাংবাদিকে জানিব বিচৰাত খণ্ড উন্নয়ন বিষয়া মঞ্জুশ্ৰী ঘোষে নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ জাননী জাৰি কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰে । বৰ্তমান উক্ত জাননী জাৰি কৰাৰ পিচতো আজিলৈকে নিৰ্মাণ কাৰ্য বন্ধ নকৰাত খণ্ড শিক্ষা বিষয়াগৰাকীয়ে কিয় বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে তাক লৈহে এতিয়া বিভিন্ন ধৰণে প্ৰশ্ন উত্থাপিত হৈছে ৷

লগতে পঢ়ক: 23 জানুৱাৰীত জেৰেঙা পথাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ABOUT THE AUTHOR

...view details