বৰপেটা, 30 জুন : বৰপেটাৰ বহৰিত মঙলবাৰে বন বিভাগে (Forest Department) অভিযান চলাই এটা অবৈধ কাঠ ফলা কল (Saw Mill) উৎখাত কৰে ৷ বৰপেটাৰোড বনাঞ্চলিক বিষয়া (Barpetaroad forest officer) গৌতম মহন্তৰ নেতৃত্বত খণ্ড বন বিষয়া বনজিৎ দাস, হেমেন্দ্ৰ পাঠক, বনপালক অচিন্ত দেউৰীয়ে অভিযান চলাই অবৈধ কাঠফলা কলটো উৎখাত কৰে ৷ বন বিভাগ (Forest Department)ৰ দলটোৱে কলটোত ব্যৱহৃত বিভিন্ন সৰঞ্জামৰ লগতে বহু পৰিমাণৰ কাঠো জব্দ কৰে ৷ বন পালক অচিন্ত্য দেউৰীয়ে জনোৱা মতে, বন বিভাগ (Forest Department)ৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি অবৈধভাৱে কাঠফলা কলটো (Saw Mill) চলাই আছিল ৷
অৱশ্যে বন বিভাগ (Forest Department)ৰ অভিযানৰ পূৰ্বে কল (Saw Mill) টোৰ গৰাকী আৰু কৰ্মচাৰীসকলে পলায়ন কৰে ৷ ইপিনে বহৰি বজাৰৰ এখন অবৈধ ফাৰ্ণিচাৰৰ দোকান (Furniture Shop)ত অভিযান চলাই দোকানখনত মজুত থকা অবৈধ কাঠ আৰু কিছুসংখ্যক আচবাব জব্দ কৰে বন বিভাগৰ দলটোৱে ৷ বন বিভাগে (Forest Department) আগন্তুক সময়তো অবৈধ কাঠ ফলা কল (Saw Mill) ৰ বিৰুদ্ধে এনে অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ৷