অসম

assam

ETV Bharat / state

বৰপেটাত উৎখাট দুটাকৈ অবৈধ কাঠ ফলা কল - উৎখাট দুটাকৈ অবৈধ কাঠ ফলা কল

বন বিভাগৰ অভিযানত বৰপেটাৰ পালহাজী গাঁৱত দুটা অবৈধ কাঠ ফলা কল উৎখাট ৷ চলিত মাহত জিলাখনৰ ভিতৰুৱা বিভিন্ন স্থানত অভিযান চলাই কেবাটাও অবৈধ কল উৎখাট বন বিভাগৰ ।

বৰপেটাl উৎখাট দুটাকৈ অবৈধ কাঠ ফলা কল
বৰপেটাl উৎখাট দুটাকৈ অবৈধ কাঠ ফলা কল

By

Published : Feb 20, 2021, 7:17 PM IST

বৰপেটা, ২০ ফেব্ৰুৱাৰী: বৰপেটাৰ পালহাজী গাঁৱত বন বিভাগৰ অভিযানত উৎখাট দুটাকৈ অবৈধ কাঠ ফলা কল ৷ বৰপেটাৰোড বনাঞ্চলিক বিষয়া গৌতম মহন্তৰ নিৰ্দেশমৰ্মে বৰপেটা খণ্ড বন বিষয়া বনজিত দাস, বনপালক অচিন্ত দেউৰী, ৰাতুল পাঠক আৰু দীপক দাসৰ নেতৃতত অভিযান চলাই উৎখাট কৰে টাকৈ অবৈধ কাঠ ফলা কল ৷

বৰপেটাত উৎখাট দুটাকৈ অবৈধ কাঠ ফলা কল

বন বিভাগৰ দলটোৱে কলটোত ব্যৱহৃত বিভিন্ন সা-সৰঞ্জামৰ লগতে বৃহৎ পৰিমানৰ কাঠো জব্দ কৰিবলৈ সক্ষম হয় ৷ বন বিভাগৰ চকুত ধূলি দি বৰপেটাৰ ভিতৰুৱা চাপৰি অঞ্চলত একাংশ অসাধু লোকে অবৈধ কাঠফলা কলৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে ।

বৰপেটাত উৎখাট দুটাকৈ অবৈধ কাঠ ফলা কল

অৱশ্যে, বৰপেটাৰ খণ্ড বন বিষয়াৰ নেতৃত্বত এনে অবৈধ কাঠ ফলা কলৰ বিৰুদ্ধে বন বিভাগে অভিযান অব্যাহত ৰাখিছে ৷ বন বিভাগে জনোৱামতে, চলিত মাহত জিলাখনৰ ভিতৰুৱা বিভিন্ন স্থানত অভিযান চলাই কেবাটাও অবৈধ কল উৎখাট কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক:নিৰ্বাচনৰ পূৰ্বে জুবিনৰ ‘ৰাজনীতি’

ABOUT THE AUTHOR

...view details