জনীয়া, 19 জানুৱাৰী : বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত শোনাপুৰ-ৰুভি গাঁও পঞ্চায়তৰ শোনাপুৰ বেকী নৈৰ কাষত দিনে নিশাই টেক্টৰেৰে চলাইছে অবৈধ মাটিখনন(Illegal sand mining in Barpeta) । বিগত প্ৰায় দুই বছৰ ধৰি একাংশ অসাধু চক্ৰই নিশা দুই বজাৰ পৰা সন্ধিয়ালৈকে অবৈধভাৱে টেক্টৰেৰে চলাইছে এই খনন কাৰ্য । ফলত শোনাপুৰ গাঁও বেঁকী নৈত জাহ যোৱাৰ আশংকা কৰিছে গাঁওবাসী ৰাইজে ।
Illegal sand mining : অবৈধখননে অশনি সংকেত কঢ়িয়াই আনিছে শোনাপুৰলৈ - Illegal sand mafia activity in Barpeta
শোনাপুৰ বেকী নৈৰ কাষত একাংশ অসাধু চক্ৰই টেক্টৰেৰে চলাইছে অবৈধ মাটিখনন (Illegal sand mining in Barpeta) । নিৰ্বিকাৰ বন বিভাগ । অবৈধ মাটিখনন বন্ধ কৰাৰ দাবী স্থানীয় ৰাইজৰ ।
![Illegal sand mining : অবৈধখননে অশনি সংকেত কঢ়িয়াই আনিছে শোনাপুৰলৈ Illegal sand mining](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-14313780-thumbnail-3x2-news.jpg)
অবৈধখননে অশনি সংকেত কঢ়িয়াই আনিছে শোনাপুৰলৈ
অবৈধখননে অশনি সংকেত কঢ়িয়াই আনিছে শোনাপুৰলৈ
ইপিনে মাটিৰগৰাকী ছিদ্দিক মৌলবী আৰু আব্দুল খালেকক বাৰম্বাৰ বাধা দিয়া সত্বেও কেৱল নিজৰ পকেট গৰম কৰাৰ স্বাৰ্থত এই চক্ৰটোৱে বিক্ৰী কৰি আহিছে মাটি । পুলিচ প্ৰশাসনক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰিছে ভুক্তভোগী ৰাইজ । সেয়ে অবৈধভাৱে টেক্টৰেৰে চলোৱা এই মাটিখনন বন্ধ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক :ইটা ভাটাৰ মালিকৰ দ্বাৰা কুৰুৱাবাহী সত্ৰৰ ভূমি দখলৰ ষড়যন্ত্ৰ