অসম

assam

By

Published : Dec 12, 2021, 10:47 PM IST

ETV Bharat / state

প্ৰশাসনৰ নীৰৱ ভূমিকাত বজালীত চলিছে অবৈধ বালি খনন

চৰকাৰক বৃহৎ কৰ ফাঁকিৰে বজালীত চলি আছে অবৈধ পলস খনন কাৰ্য(Sand mining in Bajali)। দিনে নিশাই চলি আছে অবৈধ পলস খনন ৷ সবিশেষ জানো আহক ৷

illegal-sand-mining-in-bajali
প্ৰশাসনৰ নীৰৱ ভূমিকাত বজালীত চলিছে অবৈধ বালি খনন

পাঠশালা, 12 ডিচেম্বৰ : শূন্য সহনশীলতাৰ নীতি দোহাই দি সভা সমিতিয়ে ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ দিয়া বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য(Minister Parimal Suklabaidya)ক বুঢ়া আঙুলি দেখুৱাই আহিছে একাংশ বিষয়া কৰ্মচাৰীয়ে । বজালীৰ পাঠশালা বন সংমণ্ডল বিষয়া কাৰ্যালয়ৰ অধীনত ভৱানীপুৰ বাংলীপাৰা, মাধপুৰ, কহৰা আদি অঞ্চলত পহুমৰা নৈত অদ্যপী অব্যাহত আছে অবৈধ পলস খনন কাৰ্য(Illegal Sand mining in Bajali) ।

এই ক্ষেত্ৰত স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি, এচাম অসাধু বালি মাফিয়াই দিনে নিশাই পহুমৰা নৈত চলাই আহিছে অবৈধ বালি খনন । সংশ্লিষ্ট বিভাগৰ অনুমতিবিহীনভাৱে ৰাজহ ফাঁকি দি কেৱল ধন বল আৰু বাহু বল প্ৰয়োগ কৰি এটা দুষ্ট চক্ৰই ধাৰাবাহিকভাৱে চলাই আহিছে এনে লুণ্ঠন কাৰ্য । বাংলীপাৰাৰ ভৱানীপুৰ অঞ্চলৰ পহুমৰা নৈৰ বুকুৰ পৰা এনেদৰে বালি উঠোৱাৰ ফলত সম্প্ৰতি নৈ খনত প্ৰবল গৰাখহনীয়া(River erosion in Bajali)ৰ কৱলত পৰাৰ আশংকা প্ৰকট হৈ পৰিছে ।

প্ৰশাসনৰ নীৰৱ ভূমিকাত বজালীত চলিছে অবৈধ বালি খনন

উল্লেখযোগ্য যে, বহু দিন ধৰি বজালীৰ মাজেৰে বৈ যোৱা পহুমৰা নৈৰ বুকুৰ পৰা বালি উঠোৱা কাৰ্যত সাৰ-পানী যোগাই আহিছে বন বিভাগৰে এচাম বিষয়া কৰ্মচাৰীয়ে । তাৎপৰ্যপূৰ্ণ বিষয় এইয়ে যে, বনবিভাগক বাৰে বাৰে স্থানীয় ৰাইজে অৱগত কৰিছে যদিও আজিলৈকে কোনো গুৰুত্ব প্ৰদান নকৰিলে । বন বিভাগৰ সৈতে গোপন বুজা বুজি থকাৰ বাবে এনেদৰে চলাই গৈছে বালিৰ অবৈধ ব্যৱসায় ।

সেয়ে অঞ্চলটোৰ ৰাইজৰ স্বাৰ্থৰ খাতিৰত অতি শীঘ্ৰে বালি মহলৰ পৰা এনে চক্ৰক উৎখাত কৰা লগতে জনবিৰোধী এনে কাৰ্যৰ বাবে শাস্তিৰ প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিভাগ তথা চৰকাৰলৈ দাবী জনাইছে বজালীৰ দল সংগঠন সমূহে । প্ৰশ্ন হয় দুৰ্নীতি মুক্ত অসমৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ খনে এই সকল বিষয়াক নাকী লগাৱ পাৰিবনে সেয়া হ’ব পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় ।

লগতে পঢ়ক :তিনিটা পর্যায়ত ফেল’শ্বিপ প্ৰৱৰ্তনৰ সিদ্ধান্ত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ

ABOUT THE AUTHOR

...view details