জনীয়া, ৫ নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে অবৈধ বালি খনন । কিন্তু দেখি শুনিও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে । উল্লেখ্য যে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰ তথা কলগাছিয়া আৰক্ষী থানাৰ আন্তৰ্গত আমগুৰি গাঁৱৰ বেঁকী নদীৰ কাষত দিনে নিশাই চলিছে এনে অবৈধ বালি খনন । এই খনন কাৰ্যৰ ফলত কলগাছিয়া ৰাজহ চক্ৰৰ আমগুৰি আৰু শওপুৰ আদি অঞ্চলত বেঁকী নদীৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ।
ৰাজ্যৰ বনবিভাগৰ বৰপেটা ৰোড সংমণ্ডল আৰু বৰপেটা জিলা প্ৰশাসনক মেনেজ কৰি কেইবাখনো ট্ৰেক্টৰ লগাই এক সপ্তাহ ধৰি এইদৰে খনন কাৰ্য চলাই আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । বাৰিষা অন্ত পৰাৰ লগে লগেই এনেদৰে খনন কাৰ্য চলোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৰাইজে । বালি মাফিয়া ক্ৰমে আনোৱাৰ, আব্দুল আজিজ আৰু হাকিম উদ্দিনে অবৈধ ভাৱে খনন কাৰ্য চলাই আহিছে বুলি ৰাইজে জানিবলৈ দিয়ে ।