জনিয়া, 4 জুন :ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আহিছে বালি মাফিয়াৰ দপদপনি (Illegal Sand mining) ৷ বালি মাফিয়াৰ দপদপনিৰ খবৰ বিভিন্ন সংবাদ মাধ্যমত নিৰন্তৰভাৱে প্ৰচাৰ হৈ আহিছে ৷ তথাপিও যেন বালি মাফিয়াক নাকী লগাবলৈ সক্ষম হোৱা নাই আৰক্ষী তথা বন বিভাগক ৷ এইবাৰৰ ঘটনাৰ স্থান কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁও ৷
খাৰবাল্লী গাঁৱত দীৰ্ঘদিন ধৰি অব্যাহত আছে অবৈধ বালি খনন কাৰ্য । শংকাত টোপনি নোহোৱা হৈছে স্থানীয় ৰাইজৰ । কিয়নো ৰাইজৰ কথাক গুৰুত্ব নিদি একাংশ বালি মাফিয়াই বেকী নৈত অবৈধভাৱে চলাই গৈছে খনন কাৰ্য ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, বেকী নৈৰ কাষৰীয়া অঞ্চলত অবৈধ খননৰ ফলত শ শ পৰিয়ালৰ ভেঁটি জাহ গৈছে বেকী নৈত ।
তথাপিও ভূতৰ ওপৰত দানহ পৰাদি একাংশ টেক্টৰ আৰু মাটিৰ মালিকে মিলি চলাই আছে এই অবৈধ খনন কাৰ্য ।