জনীয়া, 1 জুন :বৰপেটা জিলাৰ কলগাছিয়াত চলি থকা অবৈধ বালি খনন কাৰ্যই জ্বলাকলা খুৱাইছে ৰাইজক । বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ গাঁওত অবৈধভাৱে চলিছে নদী খনন কাৰ্য। বেঁকী নদীৰ পাৰত বালি খননকাৰ্য অব্যাহত ৰাখিছে বালি মাফিয়াই। ফলত গৰাখহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ।
উল্লেখযোগ্য যে, এশ এবুৰি সমস্যাৰে জৰ্জৰিত বলাইপাথাৰ গাঁৱত অবৈধ বালি খনন চলি থকাত বেঁকী নৈৰ গাতে লাগি থকা বলাইপাথাৰ প্ৰাথমিক বিদ্যালয়খনলৈ এক ভাবুকি সৃষ্টি হৈছে ৷ বিদ্যালয় খনত প্ৰায় দুশৰো অধিক দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে অধ্যয়ন কৰে যদিও এই অবৈধ খননৰ ফলত বিদ্যালয়খন গৰাখহনীয়াৰ কবলত পৰাৰ আশংকা কৰিছে ৰাইজে ।