পাঠশালা, 31 মে’ : বজালী জিলাৰ পাঠশালাত সোমবাৰে এখন অবৈধ বালি ভৰ্তি ডাম্পাৰ জব্দ কৰে বন বিভাগৰ এটা সঁজাতি দলে ৷ আংশিক লক ডাউনৰ মাজতে কোনো ধৰণৰ বৈধ চালান নথকা তথা অত্যাধিক বোজা কঢ়িওৱা ডাম্পাৰখন জব্দ কৰি আৰক্ষী চকীত গোচৰ ৰুজু কৰে বন বিভাগে ৷
পাঠশালাত অবৈধ বালি ভৰ্তি ডাম্পাৰ জব্দ - অবৈধ বালি
সোমবাৰে পাঠশালাত এখন অবৈধ বালি ভৰ্তি ডাম্পাৰ জব্দ বন বিভাগৰ ৷ ডাম্পাৰখন জব্দ কৰি আৰক্ষী চকীত গোচৰ ৰুজু কৰে বন বিভাগে ৷
পাঠশালাত অবৈধ বালি ভৰ্তি ডাম্পাৰ জব্দ
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বজালী জিলাত একাংশ দুষ্ট চক্ৰই অবৈধভাৱে শিল-বালি কঢ়িওৱাৰ উপৰিও পহুমাৰা আৰু কালদিয়া নৈৰ বুকুত বনবিভাগৰ অনুমতি অবিহনে ব্যাপক হাৰত খনন কাৰ্য চলাই আছে ৷ এই ক্ষেত্ৰত অনাগত দিনত বন বিভাগ আৰু অধিক কঠোৰ হ’ব বুলি বনবিষয়াই জানিবলৈ দিয়ে ৷ ইয়াৰ লগতে পহুমাৰা আৰু কালদিয়া নৈত হোৱা অবৈধ বালি খননৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব বুলি মন্তব্য কৰে বন বিষয়াই ।
লগতে পঢ়ক :নলবাৰীৰ মুকালমুৱাত ড্ৰাগছসহ আটক চাৰিজন