বৰপেটাৰ পৰা জব্দ বৃহৎ পৰিমাণৰ চোৰাং চাউল - জব্দ কৰে প্ৰায় ২০০ বস্তা চোৰাং চাউল
বৰপেটাত অবৈধভাৱে চাউলৰ চোৰাং ব্যৱসায় ৷ বৃহস্পতিবাৰে নিশা আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰ পাহাৰপাৰা গাঁৱৰ আলিমুদ্দিনৰ ঘৰৰ পৰা আলোপতি আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২০০ বস্তা চোৰাং চাউল ৷
গোৱালপাৰা, 6ছেপ্তেম্বৰঃ নামনি অসমৰ পশ্চিম কামৰূপ,গোৱালপাৰা আৰু দক্ষিণ বৰপেটাত চলিছে সুলভ মূল্যৰ চাউলৰ বৃহৎ ক'লা বজাৰ ৷ বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং চাউল ৷ বৰপেটা জিলাৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰ পাহাৰপাৰা গাঁৱৰ আলিমুদ্দিনৰ ঘৰৰ পৰা আলোপতি আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২০০ বস্তা চোৰাং চাউল ৷ আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পোৱা মতে নগৰবেৰাৰ কুখ্যাত চোৰাং চাউলৰ ব্যৱসায়ী ইমাম হুছেইনে মজুত কৰি ৰাখিছিল চাউলখিনি ৷ দীৰ্ঘদিন ধৰি চোৰাং চাউলৰ ব্যৱসায়ত জড়িত ইমাম হুছেইনে PDS ৰ চাউল ক্ৰয় কৰি বস্তা সলনি কৰি পঠিয়াই শ্বিলং ,মনিপুৰ ,নাগালেণ্ড আদি বহিঃৰাজ্যলৈ । কিন্তু বুধবাৰে নিশা নগৰবেৰাত অভিযান চলাব বুলি আগতীয়া খবৰ পাই নিশাৰ অন্ধকাৰত ভূটভুটি নাৱেৰে চাউলখিনি আনি লুকুৱাই ৰাখে । অৱশেষত বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত আৰক্ষীয়ে চাউলখিনি জব্দ কৰি থানালৈ আনিবলৈ সক্ষম হয় । তথ্য অনুসৰি ইমাম হুছেইন, জাফৰ আলী, আবু শ্বামা আহমেদ, আমিনুল ইছলাম, মুছুৰুদ্দিন, আব্দুল মজিদ আদিৰ দৰে প্ৰায় 20 জন প্ৰভাৱশালী চাউল মাফিয়াই চলাই আহিছে চাউলৰ চোৰাং ব্যৱসায় ৷