অসম

assam

ETV Bharat / state

ৰাইজে জব্দ কৰিলে চোৰাং চাউল ভৰ্তি ডি আই - উচিত তদন্তৰ দাবী

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰকুছি ৰাজ্যিক ঘাই পথত ৰাইজে জব্দ কৰিলে চোৰাং চাউল ভৰ্তি এখন ডি আই গাড়ী । দৰিদ্ৰ হিতাধিকাৰীৰ বগা চাউল ক'লা বজাৰত বিক্ৰীৰ বাবে লৈ যোৱা অৱস্থাত ৰাইজে জব্দ কৰি গাড়ীসহ গতাই দিয়ে আৰক্ষীক ৷

illegal-rice-seized-by-public-at-kalgachia
ৰাইজে জব্দ কৰিলে চোৰাং চাউল ভৰ্তি ডি আই

By

Published : Jun 7, 2021, 10:31 PM IST

জনীয়া , 7 জুন :দীৰ্ঘদিনৰ পৰা দক্ষিণ তিতাপানী আৰু উত্তৰ তিতাপানী সমবায় সমিতিৰ দৰিদ্ৰ হিতাধিকাৰীৰ বগা চাউল চোৰাং বজাৰত বিক্ৰী হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । সোমবাৰে মইনবৰী অঞ্চলৰ এখন গুডামৰ পৰা AS15 A C4534 নম্বৰৰ এখন ডি আই গাড়ী ভৰ্তি কৰি প্ৰায় ৭০ বস্তা চাউল অবৈধভাৱে লৈ যোৱা অৱস্থাত বালাগাঁও আৰু চেনিমাৰীৰ মাজমজিয়া ক্ষুদ্ৰকুছিত ৰাইজে গাড়ীখন জব্দ কৰে ।

ৰাইজে জব্দ কৰিলে চোৰাং চাউল ভৰ্তি ডি আই

চাউল সমূহ দক্ষিণ তিতাপানী আৰু উত্তৰ তিতাপানী সমবায় সমিতিৰ হিতাধিকাৰীৰ বুলি সন্দেহ কৰে ৰাইজে । পিছত কোনো নথিপত্ৰ দেখুৱাব নোৱাৰি চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও গাড়ী সহ চাউলখিনি জব্দ কৰি কলগাছিয়া আৰক্ষীক গতাই দিয়ে । ঘটনা সন্দৰ্ভত উচিত তদন্তৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবী কৰিছে ৰাইজে ।

লগতে পঢ়ক:কলগাছিয়াত পথ নিৰ্মাণৰ নামত দুৰ্নীতি

ABOUT THE AUTHOR

...view details