বৰপেটা,20 মাৰ্চ:নিৰ্বাচনত ধনবল আৰু সুৰাৰ অপব্যৱহাৰ ৰোধ কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনৰ তৎপৰতা অব্যাহত আছে ৷ আজিও সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ দুটা স্থানৰ পৰা স্থিৰ নিৰীক্ষণকাৰী দলৰ (এছ এছ টি) তালাচীত 2,96,375 টকা জব্দ কৰা হয় ৷
সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ভেৰগাঁৱত এজন লোকৰ পৰা আবেলি 2.22 লাখ টকা উদ্ধাৰ কৰা হয় ৷ তাৰ পিছতে কয়াকুছিৰ কদমতলাৰ পৰা 74,375 টকা উদ্ধাৰ কৰি জব্দ কৰা হয় ৷ নিৰ্বাচন আয়োগৰ বিধি অনুসৰি জিলা নিৰ্বাচন বিষয়া মুনীন্দ্ৰ শৰ্মাৰ নিৰ্দেশক্ৰমে অবৈধ ধনৰ সৰবৰাহৰ বিৰুদ্ধে ফ্লাইং স্কোৱাড আৰু এছএছটিৰ দ্বাৰা যোৱা কিছুদিন ধৰি জিলাখনৰ সকলো প্ৰান্ততে এই অভিযান তীব্ৰতৰ কৰি তোলা হৈছে ৷