জনীয়া, ১৫ নৱেম্বৰ:ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বালিৰ অবৈধ খনন (Illegal Sand mining in Assam) ৷ বালি খননৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত সঘনাই প্ৰচাৰ হৈ আহিছে যদিও কাণসাৰ নাই চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ ৷ নিৰ্লিপ্ত ভূমিকাত অৱতীৰ্ণ হৈছে আৰক্ষী তথা বন বিভাগ ৷ ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে কলগাছিয়াতো বেকী নৈৰ পাৰত চলিছে অবৈধ খনন (Illegal mining on banks of Beki River in Kalgasia)। ফলত বিধ্বংসী ৰূপ লৈছে (Devastating Erosion at Kalgasia)খহনীয়াই ।
উল্লেখ্য় যে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বেকী নদীৰ বিধ্বংসী খহনীয়াই কালৰূপ ধাৰণ কৰি নৈপৰীয়া ৰাইজৰ ঘৰ-ভেটি উচন কৰিছে । অসাধু লোকে মেচিন আৰু ট্ৰেক্টৰেৰে খনন চলাই থকাত খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । বেকী নদীৰ বিধ্বংসী গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি কলগাছিয়া, বলাইপাথাৰ, খাৰবাল্লী, আমগুৰি আদি গাঁৱলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে । বিশেষ কৈ কলগাছিয়াৰ মোৱামাৰীত বেকী নৈৰ পাৰত অবাধ খনন চলাত ৰাইজ শংকিত হৈছে ।