অসম

assam

By

Published : Jun 8, 2021, 4:31 PM IST

ETV Bharat / state

বৰপেটাত সুৰাসহ দুই অবৈধ সুৰা ব্যৱসায়ীক আটক

বৰপেটাত অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে এক অভিযান চলাই দণ্ডজিৎ ওজা আৰু সঞ্জয় দাস নামৰ দুই ব্যৱসায়ীসহ বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে ৷ এক গোপন সুত্ৰৰ পম খেদি অভিযান চলায় বৰপেটা আৰক্ষীয়ে ৷

illegal liquor seized in dibrugarh
বৰপেটাত সুৰা সহ দুই অবৈধ সুৰা ব্যৱসায়ীক আটক

বৰপেটা, ৮ জুন :বৰপেটাত অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে এক অভিযান চলাই দুই ব্যৱসায়ীসহ বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে ৷ ধৃত ব্যৱসায়ী দুজন ফাটাহাটীৰ দণ্ডজিৎ ওজা আৰু দহাটীৰ সঞ্জয় দাস ৷

বৰপেটাত সুৰা সহ দুই অবৈধ সুৰা ব্যৱসায়ীক আটক

আৰক্ষীৰ সুত্ৰই সদৰি কৰা মতে ব্যৱসায়ী দুজনৰ বাসগৃহত অভিযান চলাই জব্দ কৰা হয় সুৰাখিনি ৷ বৰপেটা অঞ্চলৰ দীৰ্ঘদিনৰ পৰা একাংশ লোকে অবৈধভাৱে সুৰাৰ ব্যৱসায় চলাই অহা বুলি অভিযোগ উত্থাপন হৈছিল ৷ তদুপৰি আবকাৰী বিভাগৰন বিষয়া কৰ্মচাৰীৰ সৈতে একাংশ লোকে সুৰাৰ ব্যৱসায় চলাই আহিছিল বুলি আন এক অভিযোগ উত্থাপন হৈছিল ৷

ইয়াৰ পৰিপেক্ষিততে এক গোপন সূত্ৰৰ পম খেদি এই অভিযান চলায় বৰপেটা আৰক্ষীয়ে ৷ অভিযানত সুৰাসহ দুই ব্যৱসায়ীক আটক কৰে বৰপেটা আৰক্ষীয়ে ৷

লগতে পঢ়ক:বজাৰৰ অভাৱ: পানীৰ দামত বিক্ৰী হৈছে কৃষকৰ ফচল

ABOUT THE AUTHOR

...view details