অসম

assam

ETV Bharat / state

অবৈধ সুৰাসহ সৰ্থেবাৰী আৰক্ষীৰ জালত ব্যৱসায়ী

সৰ্থেবাৰী ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া চন্দন বেজবৰুৱাৰ তৎপৰতাত আৰু সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত বৃহস্পতিবাৰে সন্ধিয়া গুণজিৎ ডেকাৰ ঘৰত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল । তেওঁৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ।

By

Published : Jun 18, 2021, 7:38 PM IST

sarthebari
অবৈধ সুৰাসহ সৰ্থেবাৰী আৰক্ষীৰ জালত ব্যৱসায়ী

বৰপেটা, ১৮ জুন :অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে অসম আৰক্ষীৰ(Assam Police) অভিযান । বিশেষকৈ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে শেহতীয়াকৈ যথেষ্ট কঠোৰ হৈছে অসম আৰক্ষী । নিষিদ্ধ ড্ৰাগছৰ উপৰিও গাঞ্জা,সুৰা আদিৰ বিৰুদ্ধে বিভিন্ন জিলাত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ।

এইবাৰ বৰপেটা আৰক্ষীও আৰম্ভ কৰিছে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান । অভিযানৰ সময়তে সৰ্থেবাৰী আৰক্ষীৰ জালত পৰে অবৈধ সুৰাৰ এজন ব্যৱসায়ী । জানিব পৰা মতে ধৃত অবৈধ বিলাতী সুৰাৰ ব্যৱসায়ীজন সৰ্থেবাৰীৰ জমথেৰ চুবুৰীৰ ৪৮ বছৰীয়া গুণজিৎ ডেকা । সৰ্থেবাৰী ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া চন্দন বেজবৰুৱাৰ তৎপৰতাত আৰু সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত বৃহস্পতিবাৰে সন্ধিয়া গুণজিৎ ডেকাৰ ঘৰত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল ।

এই অভিযানত তেওঁৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । প্ৰায় ৪২ টাকৈ বিলাতী সুৰাৰ বটল জব্দ কৰে আৰক্ষীয়ে । গুণজিৎ ডেকাৰ বিৰুদ্ধে ইতিমধ্যে সৰ্থেবাৰী আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ।

উল্লেখ্য যে, বিগত সময়চোৱাত সমগ্ৰ অসমতে আৰক্ষী সষ্টম হৈছে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে ৷ ড্ৰাগছ, জুৱা, বিভিন্ন ধৰণৰ অবৈধ সৰবৰাহ, দেশী-বিদেশী সুৰা, গাঞ্জা আদিৰ বিৰুদ্ধে ব্যাপক ৰূপত অভিযান চলাই সফলতাও লাভ কৰিছে আৰক্ষীয়ে ৷ ভিন্ন স্থানৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ সেৱনকাৰী, গাঞ্জা সৰবৰাহকাৰী, গৰু-ম’হৰ চোৰাং সৰবৰাহকাৰী আদি আটক কৰিছে ৷ বহুকেইগৰাকী দুৰ্নীতিত নিমজ্জিত আৰক্ষীও আটক হৈছে এনে অভিযানত ৷

লগতে পঢ়ক:যানবাহন আইন উলংঘনকাৰীৰ পৰা জৰিমনা আদায় বৰপেটা আৰক্ষীৰ

ABOUT THE AUTHOR

...view details