বৰপেটা,১৬ মাৰ্চ: মঙলবাৰে বৰপেটা জিলাৰ ৪৫ নং বাঘবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়াত দীৰ্ঘদিনৰ পৰাই চলাই অহা অবৈধ মদৰ ঘাটি উৎখাত কৰে স্থানীয় প্ৰশাসনে । মন্দিয়া বজাৰত দীৰ্ঘদিনে অবৈধ মদৰ ব্যৱসায় চলাই থকা একাংশ ব্যৱসায়ীয়ে সম্প্ৰতি মন্দিয়া পাট বজাৰৰ সমীপত অবৈধ মদৰ ঘাটি চলাই আহিছিল ।
মন্দিয়াত অবৈধ মদৰ ঘাটি উচ্ছেদ - অবৈধ মদৰ ঘাটি উচ্ছেদ
মঙলবাৰে বৰপেটা জিলাৰ ৪৫ নং বাঘবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়াত দীৰ্ঘদিনৰ পৰাই চলাই অহা অবৈধ মদৰ ঘাটি উৎখাত কৰে স্থানীয় প্ৰশাসনে ।
মন্দিয়াত অবৈধ মদৰ ঘাটি উচ্ছেদ
উল্লেখ্য যে, যোৱা কেইদিনমান পূৰ্বে প্ৰশাসনে অভিযান চলাই অবৈধ মদৰ ঘাটি উচ্ছেদ কৰিছিল ৷ পুনৰাই মঙলবাৰে সন্ধিয়া বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ গগৈৰ নেতৃত্বত মন্দিয়া আৰক্ষী চকীৰ আৰক্ষীসহ চলোৱা অভিযানত উক্ত অবৈধ মদৰ ঘাটি উচ্ছেদ কৰা হয় । উক্ত অভিযানত আৰক্ষীয়ে আই এম এফ এল ৩৪ বটল, বিয়েৰ ১৩৯ বটল জব্দ কৰাৰ লগতে প্ৰায় ২০ লিটাৰ চুলাই নষ্ট কৰি পেলায় ।
লগতে পঢ়ক:বিহালীত বিজেপি-চিপিআইএমএলৰ মাজত এইবাৰৰ নিৰ্বাচনী মূল যুঁজ