বৰপেটা, ১৮ জুনঃ বৰপেটাৰ হাউলীত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ সুৰা ৷ সুৰা সহ দুজন যুৱককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
বৰপেটাত বৃহৎ পৰিমাণৰ সুৰাসহ যুৱক গ্ৰেপ্তাৰ সুৰামুক্ত অঞ্চল হিচাপে ঘোষিত সত্ৰনগৰী বৰপেটা চহৰলৈ ব্যৱসায়ৰ উদ্দেশ্যেৰে এখন ইণ্ডিকাত চোৰাংভাৱে কঢ়িয়াই নিয়াৰ সময়তে হাউলী থানাৰ অ'চি পংকজ দাসৰ নেতৃত্বত অভিযান চলাই যুৱক দুজন সহ সুৰাখিনি জব্দ কৰে ।
বৰপেটাত বৃহৎ পৰিমাণৰ সুৰাসহ যুৱক গ্ৰেপ্তাৰ আৰক্ষীয়ে জনোৱামতে AS-01AX-2515 নম্বৰৰ ইণ্ডিকা গাড়ীখনৰ পৰা জব্দ কৰা হৈছে ১৪ কাৰ্টন দেশত প্ৰস্তুত কৰা বিদেশী সুৰাৰ বটল ৷ আৰক্ষীয়ে সুৰা ব্যৱসায়ী দুই যুৱক ক্ৰমে সঞ্জীত দাস আৰু নয়নমনি দাসক গ্ৰেপ্তাৰ কৰে । ধৃত দুই যুৱকৰ ঘৰ বৰপেটা চহৰৰ গান্ধী নগৰত ৷
জানিব পৰা মতে,হাউলীৰ একাংশ সুৰা ব্যৱসায়ীৰ পৰা নিতৌ অবৈধভাৱে বৰপেটা চহৰলৈ সৰবৰাহ কৰা হয় সুৰা ৷ অভিযোগ অনুসৰি আৰক্ষী আৰু আবকাৰী বিভাগৰ চত্ৰছায়াত সুৰামুক্ত সত্ৰনগৰী বৰপেটাত চলি থকা সুৰা ব্যৱসায়ে বৰপেটাৰ পৰিবেশ বিনষ্ট কৰি তুলিছে যদিও এইক্ষেত্ৰত নীৰৱ হৈ থাকে প্ৰশাসন ৷