বৰপেটা ১২ জানুৱাৰী : বৰপেটা জিলাৰ যোগান বিভাগে মঙলবাৰে এক অভিযান চলাই সোণকুছি কলনিৰ পৰা জব্দ কৰে ৮৬ টা ঘৰুৱা গেছ চিলিণ্ডাৰ ৷ যোগান বিভাগৰ এক সূত্ৰই সদৰি কৰা মতে সোণকুছি কলনিৰ জেহেৰুল ইছলাম নামৰ এজন ব্যৱসায়ীয়ে অবৈধভাৱে মজুত কৰি ৰাখিছিল এই গেছ চিলিণ্ডাৰসমূহ ৷
অবৈধভাৱে মজুত থকা 86 টা ছিলিণ্ডাৰ জব্দ যোগান বিভাগৰ - যোগান বিভাগ
সোণকুছি কলনিৰ জেহেৰুল ইছলাম নামৰ এজন ব্যৱসায়ীয়ে অবৈধভাৱে মজুত কৰি ৰখা ৮৬ টা ঘৰুৱা গেছ চিলিণ্ডাৰ জব্দ কৰে বৰপেটা জিলাৰ যোগান বিভাগে ৷ বৰপেটাৰ জিলাৰ যোগান বিভাগৰ পৰিদৰ্শক অজয় আগৰৱালা, নিতুল শৰ্মা আৰু মনহৰি বায়নৰ নেতৃত্বত এক অভিযান চলাই এই গেছ চিলিণ্ডাৰসমুহ জব্দ কৰে ৷
বৰপেটাৰ জিলাৰ যোগান বিভাগৰ পৰিদৰ্শক অজয় আগৰৱালা, নিতুল শৰ্মা আৰু মনহৰি বায়নৰ নেতৃত্বত অভিযান চলাই গেছ চিলিণ্ডাৰসমুহ জব্দ কৰে ৷ যোগান বিষয়াই সদৰি কৰা মতে, একাংশ ব্যৱসায়ীয়ে ঘৰুৱা চিলিণ্ডাৰসমুহ সংগ্ৰহ কৰি ব্যৱসায়িক কামত ব্যৱহাৰ কৰি আহিছে ৷ ঘৰুৱা চিলিণ্ডাৰৰ এনে অবৈধ ব্যৱহাৰৰ বিৰুদ্ধে যোগান বিভাগে চলোৱা অভিযানত সোণকুছিৰ জেহেৰুল ইছলামৰ দোকানত অবৈধভাৱে মজুত কৰি ৰখা এই ঘৰুৱা গেছ চিলিণ্ডাৰসমূহ জব্দ হয় বুলি জানিবলৈ দিয়ে বিষয়াজনে ৷
লগতে পঢ়ক : বহু প্ৰতীক্ষাৰ অন্তত অসম পালে মহামাৰীৰ ভেকচিন