অসম

assam

মানৱ ৰক্তৰ ব্যৱসায় : বৰপেটা চিকিৎসা মহাবিদ্যালয়ত এজন লোকক গ্ৰেপ্তাৰ

By

Published : Aug 9, 2020, 7:22 PM IST

Updated : Aug 10, 2020, 2:47 AM IST

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত মানৱ ৰক্তৰ বেহা চলি থকাৰ অভিযোগ ৷ এই অভিযোগত দেওবাৰে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন লোকক ৷ চিকিৎসালয়খনৰ বহু কৰ্মচাৰী ইয়াৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰে কৰায়ত্ত অভিযুক্তই ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয়ত এজন লোকক প্ৰেপ্তাৰ
বৰপেটাত এজন লোকক প্ৰেপ্তাৰ

বৰপেটা, 9 আগষ্ট:বৰপেটাত মানৱ ৰক্তৰ ব্যৱসায়ৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ এজন লোকক ৷ বৰপেটা সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত লোকজন চিন্ময় দাস ওৰফে লেং বুলি জানিব পৰা গৈছে ৷ বৰপেটা চহৰৰ ঘোঁৰামাৰাহাটীৰ নিজ ঘৰৰ পৰা অভিযুক্ত লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ধৃত লোকজনে আৰক্ষীৰ লগতে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি,ৰক্ত ব্যৱসায়ৰ লগত জড়িত হৈ আছে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ব্লাড বেংকৰ কৰ্মচাৰী,চফিউল হুছেইনৰ লগতে চিকিৎসালয়খনৰ নাৰ্চ আৰু বহু কৰ্মচাৰী ৷ ইয়াৰোপৰি আটকাধীন অভিযুক্তজনৰ লগত বৰপেটা চহৰৰ গলিয়া হাটীৰ ধনজিৎ দাস ওৰফে ধন নামৰ যুৱকজনো জড়িত থকা বুলি উল্লেখ কৰে ৷

মানৱ ৰক্তৰ ব্যৱসায় : বৰপেটা চিকিৎসা মহাবিদ্যালয়ত এজন লোকক গ্ৰেপ্তাৰ

এই ব্যৱসায়ৰ বলি হৈ ইতিমধ্যে কেইবাৰো ৰক্ত প্ৰদান কৰাৰ ফলত বৰপেটাৰ ঘোঁৰামাৰা হাটীৰ সত্যজিৎ দাস নামৰ এগৰাকী লোকে সাৱটি লৈছে অকাল মৃত্যুক ৷ যাক লৈ দেওবাৰে চহৰখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ বিভিন্নজনে ঘটনাটেক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে আৰক্ষীৰ ভুমিকাক লৈয়ো ক্ষোভ প্ৰকাশ কৰিছে ৷ ইপিনে এটি 5 বছৰীয়া কন্যা আৰু 2 বছৰীয়া পুত্ৰ সন্তানক কিদৰে মানুহ কৰিব সেই চিন্তাত ভাগি পৰিছে মৃত সত্যজিৎ দাস পত্নী ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত মানৱ ৰক্তৰ বেহা চলি থকাৰ বাতৰি প্ৰকাশৰ পাচতেই ঘটনাটোক লৈ চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ চিকিৎসালয়খনৰ ৰেডিঅ'লজী বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ এম.কে ঠাকুৰৰ নেতৃত্বত আৰু চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ তিলক পাঠক,ডাঃ হৰিষাদিত্য দাস আৰু ডাঃ ৰক্তিম বৰগোহাঞিক লৈ গঠন কৰা তদন্ত সমিতিখনে তিনি দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চলি থকা ৰক্তৰ বেহা সম্পৰ্কত চিকিৎসালয়খনৰ অধীক্ষকে প্ৰদান কৰিছে গুৰুতৰ অভিযোগ ৷ অধীক্ষকগৰাকীয়ে জনোৱা মতে, ২০১৮ চনতে ব্লাড বেংকৰ দায়িত্বৰ পৰা আঁতৰোৱা হৈছিল চফিউল হুছেইনক ৷ কিন্তু অধীক্ষকগৰাকীৰ অগোচৰে কোনে আৰু কি স্বাৰ্থত অভিযুক্ত চফিউলক পুনৰ ব্লাড বেংকৰ দায়িত্বত নিয়োজিত কৰিছিল আৰু এই ৰক্তৰ ব্যৱসায়ৰ সৈতে চিকিৎসালয়খনৰ কোনো বিষয়া জড়িত আছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে ৷

লগতে পঢ়ক:চিপ লোৱা অৱস্থাত উদ্ধাৰ নিৰুদ্দিষ্ট নাবালিকাৰ মৃতদেহ

Last Updated : Aug 10, 2020, 2:47 AM IST

ABOUT THE AUTHOR

...view details