অসম

assam

ETV Bharat / state

বৰপেটাত অবৈধভাৱে আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰ আৰক্ষীৰ জালত - প্ৰহ্লাদ সৰকাৰ আধাৰ কেন্দ্ৰটোৰ চুপাৰভাইজাৰ

আৰক্ষীয়ে আটক কৰা লোককেইজন প্ৰহ্লাদ সৰকাৰ,প্ৰভাত মণ্ডল আৰু ছহিদুল ইছলাম বুলি জানিব পৰা গৈছে ৷ ইপিনে প্ৰহ্লাদ সৰকাৰ আধাৰ কেন্দ্ৰটোৰ চুপাৰভাইজাৰ আছিল বুলি আৰক্ষীয়ে উল্লেখ কৰিছে ৷

বৰপেটাত অবৈধভাৱে আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰ আৰক্ষীৰ জালত
বৰপেটাত অবৈধভাৱে আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰ আৰক্ষীৰ জালত

By

Published : Jan 28, 2021, 2:00 PM IST

বৰপেটা,২৮ জানুৱাৰী: বৰপেটাত আধাৰ কেন্দ্ৰত দীৰ্ঘ দিনৰ পৰা অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ বৃহস্পতিবাৰে বৰপেটাৰ দঙৰকুছি মিস্ত্ৰিপাৰাত আৰক্ষীয়ে আকস্মিক অভিযান চলাই অবৈধভাৱে আধাৰ কাৰ্ড প্ৰস্তুতৰ সৈতে জড়িত তিনিজন লোকক আটক কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে আটক কৰা লোককেইজন প্ৰহ্লাদ সৰকাৰ,প্ৰভাত মণ্ডল আৰু ছহিদুল ইছলাম বুলি জানিব পৰা গৈছে ৷ ইপিনে প্ৰহ্লাদ সৰকাৰ আধাৰ কেন্দ্ৰটোৰ চুপাৰভাইজাৰ আছিল বুলি আৰক্ষীয়ে উল্লেখ কৰিছে ৷

বৰপেটাত অবৈধভাৱে আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰ আৰক্ষীৰ জালত
উল্লেখযোগ্য যে,বিভাগীয়ভাৱে দক্ষিণ বেতবাৰী গাঁও পঞ্চায়ত কাৰ্যালয়ত আধাৰ কেন্দ্ৰৰ স্থাপনৰ অনুমতি দিয়া হৈছিল প্ৰহ্লাদ সৰকাৰক ৷ পিছে দক্ষিণ বেতবাৰী গাঁও পঞ্চায়ত কাৰ্যালয়ৰ পৰিৱৰ্তে দঙৰকুছিৰ মিস্ত্ৰীপাৰাৰ এঘৰত আধাৰ কেন্দ্ৰ স্থাপন কৰি ধনৰ বিনিময়ত আধাৰ প্ৰস্তুত কৰি থকাৰ অভিযোগ উত্থাপন হোৱাৰ পিচতেই কেন্দ্ৰটোত অভিযান চলাই আৰক্ষীয়ে আটক কৰে লোক কেইজনক ৷ দলটোৰ পৰা আধাৰ প্ৰস্তুতৰ কামত ব্যৱহৃত দুটা লেপটপ,এটা বায়'মেট্ৰিক ডিভাইছ,ৰেটিনা স্কেনাৰ,স্কেনাৰ মেচিনৰ লগতে নগদ প্ৰায় ৬ হাজাৰ টকা জব্দ কৰে ৷
বৰপেটাত অবৈধভাৱে আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰ আৰক্ষীৰ জালত

ABOUT THE AUTHOR

...view details