অসম

assam

By

Published : Aug 5, 2020, 12:51 AM IST

ETV Bharat / state

আইআইটি গুৱাহাটীৰ শিক্ষাৰ্থীৰ দ্বাৰা হাউলীত বান সাহাৰ্য বিতৰণ

মহামাৰী কৰ'ণা আৰু লকডাউনৰ সমান্তৰালভাৱে বানে সৃষ্টি কৰা ভয়াৱহ সমস্যাৰ মাজত থাউনি হেৰুওৱা দুখীয়া পৰিয়ালসমুহক সহায়ৰ বাবে আগবাঢ়ি আহিছে আইআইটি গুৱাহাটীৰ গৱেষক ছাত্ৰ ছাত্ৰীসকল ৷

আইআইটি গুৱাহাটীৰ শিক্ষাৰ্থীৰ দ্বাৰা হাউলীত বান সাহাৰ্য বিতৰণ
আইআইটি গুৱাহাটীৰ শিক্ষাৰ্থীৰ দ্বাৰা হাউলীত বান সাহাৰ্য বিতৰণ

বৰপেটা, 5 আগষ্ট :বানে ঢাহি-মুহি নিছে ৰাজ্য ৷ প্ৰলয়ংকৰী বানৰ কৱলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ৰাজ্যবাসী ৷ মহামাৰী কৰ'ণা আৰু লকডাউনৰ সমান্তৰালভাৱে বানে সৃষ্টি কৰা ভয়াৱহ সমস্যাৰ মাজত থাউনি হেৰুওৱা দুখীয়া পৰিয়ালসমুহক সহায়ৰ বাবে আগবাঢ়ি আহিছে আইআইটি গুৱাহাটীৰ গৱেষক ছাত্ৰ ছাত্ৰীসকল ৷

সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ আইআইটি গুৱাহাটীৰ শিক্ষাৰ্থীসকলে মঙলবাৰে বৰপেটাৰ হাউলী অঞ্চলত উপস্থিত হৈ হাউলীৰ জইন বজাৰৰ প্ৰায় দুই শতাধিক পৰিয়ালৰ মাজত বান সাহাৰ্য বিতৰণ কৰে ৷ বানত দূৰ্গত লোকসকলৰ প্ৰতি সহায়ৰ উদ্দেশ্যে বৰপেটাত উপস্থিত হোৱা আইআইটি গুৱাহাটীৰ শিক্ষাৰ্থীৰ দলটোৱে মৰিগাও,কামৰূপ গ্ৰাম্য,নলবাৰী,বাক্সা আদি জিলাসমূহতো পৰ্যায়ক্ৰমে সাহাৰ্য সামগ্ৰী বিতৰণ কৰিব ৷

আইআইটি গুৱাহাটীৰ শিক্ষাৰ্থীৰ দ্বাৰা হাউলীত বান সাহাৰ্য বিতৰণ

লগতে পঢ়ক :স্বাধীনতা দিৱস উপলক্ষে চিৰাং জিলা প্ৰশাসনৰ বিশেষ সভা

ABOUT THE AUTHOR

...view details