অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি ঈদৰ ব্যাপক প্ৰস্তুতি - জনীয়া

সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো চলিছে পবিত্ৰ ঈদৰ ব্যাপক প্ৰস্তুতি৷ এমাহ ৰোজা ৰখাৰ অন্তত ত্যাগ আৰু ঐক্য-সংহতিৰ চানেকী বহন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে বুধবাৰে পালন কৰিব পৱিত্ৰ ঈদ-উল-ফিতৰ ৷

ৰাজ্যজুৰি ঈদৰ ব্যাপক প্ৰস্তুতি

By

Published : Jun 4, 2019, 5:04 PM IST

জনীয়া, 4 জুনঃ পৱিত্ৰ ৰমজানৰ অন্তিম সূৰ্যাস্তৰ পাছতেই ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে উদযাপন কৰিব পবিত্ৰ ঈদ-উল-ফিতৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখা গৈছে ঈদৰ ব্যাপক প্ৰস্তুতি ৷ অন্যান্য অঞ্চলৰ দৰে বৰপেটা জিলাৰ পশ্চিমাঞ্চলত ঈদক কেন্দ্ৰ কৰি চলিছে ব্যাপক প্ৰস্তুতি ৷ ঈদৰ প্ৰাকক্ষণত সজাই তোলা হৈছে কলগাছিয়া ঈদগাহ ময়দান ৷

ৰাজ্যজুৰি ঈদৰ ব্যাপক প্ৰস্তুতি

বিভিন্ন সামগ্ৰী কিনিবলৈ হাট-বজাৰৰ লগতে কাপোৰৰ দোকানসমূহতো দেখা গৈছে ব্যাপক ভিৰ । কলগাছিয়া ঈদগাহ ময়দানত বুধবাৰে পুৱা 9:30 বজাত ঈদ-উল-ফিতৰৰ নামাজ আদায় কৰা হ'ব বুলি জানিবলৈ দিছে ৷

ABOUT THE AUTHOR

...view details