বৰপেটা, 30 জুলাই : ‘‘বৰ্তমান বৰপেটা হট হৈ আছে ৷ পূৰ্বতেও বৰপেটাৰ পৰা বহু জেহাদীআটক কৰা হৈছিল ৷ বৰ্তমানো বৰপেটাৰ পৰা বহু জেহাদী আটক কৰা হৈছে ৷ এই ক্ষেত্ৰত অসম আৰক্ষী পূৰ্বতকৈ সক্ৰিয়া হৈ আছে’’ ৷ শনিবাৰে বৰপেটাত উপস্থিত হৈ এই মন্তব্য কৰে বৰপেটাত পশ্চিম মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক দিলীপ দেই (IGP Dilip Kumar Dey in Barpeta) ৷
লগতে তেওঁ কয় যে, বৰ্তমান বৰপেটাত জেহাদীৰ বিভিন্ন মডিউল সক্ৰিয় হৈ আছে ৷ কিন্তু জেহাদীয়ে বিচৰা ধৰণে অসমৰ পৰিৱেশ কেতিয়াও হ’ব নিদিয়ে আৰক্ষীয়ে (Bangladeshi Jihadi in Assam)৷ লগতে কামৰূপ, নলবাৰী, বৰপেটা, গোৱালপাৰা আদিকে ধৰি নামনি অসমৰ বিভিন্ন জিলাত থকা চৰাঞ্চলসমূহক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে ৷
লগতে তেওঁ কয়, জেহাদীৰ কাৰ্যকলাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত স্পেচিফিক ইনফৰমেচনৰ ভিত্তিত কাম কৰি আছে অসম আৰক্ষীয়ে ৷ ব্ৰহ্মপুত্ৰ নদীয়ে জেহাদীসকলক সুবিধা প্ৰদান কৰি দিছে ৷ বাংলাদেশী জেহাদীয়ে বৰপেটাকে ধৰি নামনি অসমৰ ভৌগোলিক আৰু জনগাঁঠনিৰ সুযোগ লৈ কাৰ্যকলাপ চলাই গৈছে বুলি উল্লেখ কৰে আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে ৷
লগতে পঢ়ক :Jihadi activities in Assam : ৰাজ্যৰ নিৰাপত্তাৰ দিশলৈ ভাবুকি মাতিছে জেহাদীয়ে