অসম

assam

By

Published : Sep 27, 2020, 4:06 PM IST

ETV Bharat / state

কলগাছিয়াত পোষণ মেলাৰ ভিন্নৰঙী কাৰ্যসূচী

বিগত এক ছেপ্তেম্বৰৰ পৰা মাহযোৰা কাৰ্যসূচীৰে ৰাজ্যত আৰম্ভ হৈছে পোষণ মাহ ৷ বৰপেটাৰ কলগাছিয়াতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে পোষণ মেলা ৷

ICDS Pushon Mela in kalgachia barpeta assam etv bharat news
পোষণ মেলা উদযাপন

জনীয়া,27 ছেপ্তেম্বৰ:ৰাজ্যজুৰি আৰম্ভ হৈছে পোষণ মেলা ৷ বৰপেটাৰ কলগাছিয়াৰ অন্তৰ্গত বনঘূগীতো উলহ-মালহেৰে পালন কৰা হৈছে এই পোষণ মেলা । জিলাখনৰ ৰূপসী শিশু সংহত সেৱা প্ৰকল্পৰ অন্তৰ্গত বনঘূগী গাঁও পঞ্চায়তত ক্ষেত্ৰ পৰিদৰ্শক ছুফিয়া খাতুনৰ নেতৃত্বত প্ৰায় 28 টা অংগনবাদী কেন্দ্ৰত কৰ্মৰত কৰ্মী-সহায়িকাসকলে আয়োজন কৰে পোষণ মেলাৰ ।

পোষণ মেলা উদযাপন

উক্ত মেলাৰ কাৰ্যসূচীৰ ভিত্তিত এক সজাগতা সমদল বাহিৰ কৰি পুষ্টিহীনতা দূৰ কৰাৰ লগতে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ অৰ্থে চেষ্টা চলাই অংগনবাদী কৰ্মীসকলে ৷ তদুপৰি এক সজাগতা সভাৰো আয়োজন কৰে পোষণ মেলা আয়োজক সমিতিয়ে ৷ বিগত 1 ছেপ্তেম্বৰৰ পৰা মাহযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত পোষণ মেলাত বাল্য বিবাহ ৰোধ, শিশু নিৰ্যাতন বন্ধ কৰা আদি বিষয়ত সজাগতা সৃষ্টি কৰাৰ লগতে পুষ্টিকৰ খাদ্য গ্ৰহণ, সেউজীয়া শাক-পাচলি, ফল-মূলৰ উপকাৰিতাৰ বিষয়ত এক সজাগতামূলক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰে আয়োজক সমিতিয়ে ৷

লগতে চাওকঃপুনৰ অশান্ত বড়োভূমিঃ BTR চুক্তি নামানে অবড়োৱে

ABOUT THE AUTHOR

...view details