জনীয়া, 5 আগষ্ট: পৰকীয়া প্ৰেমৰ ভয়ংকৰ ৰূপ (Extra Marital Affair) ৷ জনীয়াৰ বাংলীপাৰাত বৃহস্পতিবাৰে পত্নীক হত্যা কৰি ইয়াক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ এক ঘটনা পোহৰলৈ আহিছে (suspected murder case at Jania ) ৷
ঘটনাৰ বিৱৰণী অনুসৰি বাংলীপাৰা গাঁৱৰ মীৰ ৰৌশন আলীৰ পুত্ৰ বাহাৰুল ইছলামৰ (36) সৈতে কুমুল্লীপাৰা গাঁৱৰ জলিলুৰ ৰহমানৰ কন্যা জেৰিফা খাতুনে (19) প্ৰায় 7 মাহৰ পূৰ্বে সামাজিক ৰীতি নীতিৰে বিবাহপাশত আৱদ্ধ হৈছিল (Husband killed wife) ৷
বিয়াৰ পিছতেই জেৰিফাৰ স্বামী বাহাৰুলৰ আৰু তেওঁৰ ভাই বোৱাৰীৰ সৈতে থকা অবৈধ সম্পৰ্ক থকা কথা প্ৰত্যক্ষ কৰে ৷ এই বিষয়তে স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটিছিল ৷ এই কথা জেৰিফাই নিজ আত্মীয়ক অৱগত কৰিছিল ৷ ইয়াৰ পিছতে জেৰিফাৰ পিতৃ গৃহৰ লোকে বাহাৰুলৰ ঘৰলৈ আহি দুয়োৰে মাজৰ সমস্যাৰ মীমাংসা কৰি দিছিল ৷ কিন্তু মীমাংসা কৰাৰ দুদিনৰ পিছতেই জেৰিফাই চিপ লৈ আত্মহত্যা কৰি বুলি পিতৃ জলিলুৰ ৰহমানক খবৰ দিয়ে স্বামীৰ পৰিয়ালে ৷