জনীয়া, 29 আগষ্ট :বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত জনীয়াৰ চৌধুৰী বজাৰৰ সমীপত চনপুৰা গাঁৱত মঙলবাৰে নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । ফজল হক নামৰ এজন ভণ্ড বাবাই নিজ পত্নীক ব্লেডেৰে ডিঙি ৰেপি হত্যাৰ কৰাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
জানিব পৰা মতে, ফজল হক নামৰ ভণ্ড বাবাজনে দুবছৰ পূৰ্বে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ মণি দেউৰী নামৰ এগৰাকী মহিলাক বিয়া কৰাই আনে ৷ মণি ডেউৰী ফজলৰ সাত নম্বৰ পত্নী ৷ বিয়াৰ পিচৰে পৰাই প্ৰত্যেক দিনাই মদ খাই স্বামীয়ে এনেদৰে অত্যাচাৰ কৰি আহিছিল বুলি অভিযোগ কৰে পত্নী মণি দেউৰীয়ে।
সোমবাৰে নিশাও ফজলে মদ্যপান কৰি আহি মণিক মাৰধৰ কৰাৰ লগতে এখন ব্লেডেৰে ডিঙি ৰেপিবলৈ আৰম্ভ কৰে ৷ লগে লগে মণিয়ে স্বামীৰ চকুলৈ ধূলি ছটিয়াই ওচৰৰে এগৰাকী মহিলাক তেওঁক বচাবলৈ মাতে ৷ মহিলাগৰাকীয়ে তেওঁলোকেৰ কাজিয়াৰ শব্দ শুনি মণিক স্বামীৰ পৰা উদ্ধাৰ কৰি নিজ ঘৰলৈ লৈ আহে ৷ ইফালে চুবুৰীয়া মহিলাগৰাকীয়ে জনোৱা অনুসৰি ইয়াৰ পূৰ্বেও তেওঁৰ পত্নীক হত্যা কৰি ঘৰৰ ভিতৰতে পেলাই থৈ দিছিল ফজলে ৷ কিন্তু সেই সময়ত সেই কথা পোহৰলৈ নাহিল ৷