বৰপেটা, 18 এপ্ৰিল:মহানগৰীৰ পৰা ভুৱা পৰিচয়েৰে ধন দাবী কৰাৰ অভিযোগত সোমবাৰে হাউলী আৰক্ষীয়ে মহানগৰীৰ পৰা আটক কৰে এহাল দম্পতিক(Husband and wife arrested for demanding money) ৷ আটকাধীন স্বামী-স্ত্ৰী নলবাৰীৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ গুৱাহাটীৰ কামাখ্যাৰ নাৰ্চাৰীত দীৰ্ঘদিনে বাস কৰি আহিছিল দম্পতিহাৰ ৷
আটকাধীন দম্পতিহাল ভৃগু তালুকদাৰ আৰু মলয়া দাস তালুকদাৰ ৷ ভৃগু তালুকদাৰ ৰে’ল বিভাগৰ এগৰাকী কৰ্মচাৰী বুলি জানিব পৰা গৈছে ৷ দুয়োগৰাকীয়ে কিছুদিনৰে পৰা নিজকে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দি ধনদাবী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷
উল্লেখ্য যে, বৰপেটাৰ হাউলীৰ এগৰাকী হোটেল ব্যৱসায়ীক দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দি অহা এটা চক্ৰই শনিবাৰে আটক কৰি লগত ৰঙিয়ালৈ লৈ গৈছিল ৷ দলটোৱে সোধ-পোছৰ নামত ব্যৱসায়ীজনক অপহৰণ কৰি 1 লাখ টকাৰ দাবী কৰে বুলি পৰৱৰ্তী সময়ত পোহৰলৈ আহে ৷ এই ঘটনাৰ বিষয়ে অৱগত হৈ বৰপেটা আৰক্ষীয়ে উক্ত দিনাই অভিযান চলাই ৰঙিয়াত আটক কৰিছিল ৫ জনকৈ দুৰ্নীতি নিবাৰক শাখাৰ পৰিচয় দিয়া ভুৱা বিষয়াক ৷