জনীয়া, 13 ডিচেম্বৰ :কলগাছিয়াৰ বলাইপাথাৰত এগৰাকী বোৱাৰীক স্বামী আৰু স্বামী পৰিয়ালে দীৰ্ঘদিনৰ পৰাই যৌতুকৰ দাবীত অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ পত্নীৰ এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰি ওলোটাই পত্নীয়েহে নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছে স্বামী বাহাৰুল ইছলামে ৷
বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পুতলাৰটাৰী গাঁৱৰ যুৱতীগৰাকীৰ লগত দুবছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল কলগাছিয়াৰ বলাইপাথাৰ গাঁৱৰ আব্দুল গফুৰৰ পুত্ৰ বাহাৰুল ইছলাম ৷ বিবাহৰ পিছৰ পৰাই স্বামী বাহাৰুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ লোকে পত্নীক ঘৰৰ পৰা ১০ লাখ টকা আৰু এখন চাৰিচকীয়া বাহন যৌতুক(Harassing wife for Dowry) হিচাপে দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছিল পত্নীয়ে ৷