অসম

assam

ETV Bharat / state

বজালী পঞ্চায়তত এয়া কি হৈ গ'ল ?

বজালীৰ দুমুৰীয়া পঞ্চায়তত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আৱণ্টিত গৃহ লাভ নকৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত জনতাই পঞ্চায়তৰ সভানেত্ৰী-সম্পাদকক চেণ্ডেলৰ মালা পিন্ধাই আসুৰিক উল্লাসত মত্ত হয় ৷

Hungama at dumuria GP bajali pathsala assam etv bharat news
দুমুৰীয়া পঞ্চায়তত ভয়ংকৰ ঘটনা

By

Published : Aug 31, 2020, 7:43 PM IST

পাঠশালা.31 আগষ্ট:আসুৰিক তৃপ্তিত মত্ত এজাক লোক ৷ কোনো অজান্তিমূলুকৰ এয়া ঘটনা নহয় ৷ স্বয়ং এইখন অসমতে সংঘটিত হৈছে এই ভয়াৱহ ঘটনা ৷ বজালী জিলাৰদুমুৰীয়া পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত আৱণ্টিত গৃহ প্ৰদান কৰাক কেন্দ্ৰ কৰি সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ এক কথাত ক'বলৈ হ’লে আসুৰিক কাৰ্যত লিপ্ত হৈ অঞ্চলটোৰ ৰাইজে পঞ্চায়তৰ মহিলা সভানেত্ৰীগৰাকীৰ কাপোৰ পৰ্যন্ত ফালি পিন্ধাই দিয়ে চেণ্ডেলৰ মালা ৷ লগতে সম্পাদকগৰাকীকো চেণ্ডেলৰ মালা পিন্ধাই বন্য উল্লাসত মত্ত হয় ৷

দুমুৰীয়া পঞ্চায়তত ভয়ংকৰ ঘটনা

প্ৰতিবাদী জনতাই ইমানতে ক্ষান্ত নাথাকি পঞ্চায়তৰ কাৰ্যালয়টোৰ চকী-মেজকে ধৰি সকলো আঁচবাব, নথিপত্ৰ আৰু দুটাকৈ লেপটপ ভাঙি দলিয়াই পেলায় ৷ অৱশেষত একাংশ লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে আৱদ্ধ হৈ থকা সভানেত্ৰী আৰু সম্পাদকক ৷ কিন্তু পৰিস্থিতি ইমানেই উত্তপ্ত আছিল যে, নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত মোতায়েন কৰিবলগীয়া হয় চিআৰপিএফ বাহিনী ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় দণ্ডাধীশ আৰু আৰক্ষীৰ এক বৃহৎ দল ৷

লগতে চাওকঃপৃথিৰাজ নাৰায়ণ মেচৰ বিৰুদ্ধে জাঙোৰ খাই উঠিল অবড়ো গণ সুৰক্ষা পাৰ্টি

ABOUT THE AUTHOR

...view details