অসম

assam

ETV Bharat / state

বৰপেটা আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰীৰ বৃহৎ চক্ৰ

বৰপেটা আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী চক্ৰৰ ৯ জনীয়া সদস্য (9 human traffickers arrested in Barpeta)। বৰপেটা আৰু নলবাৰীৰ পৰা গ্ৰেপ্তাৰ লোক কেইজন । এগৰাকী মহিলাও আটক । অসমৰ যুৱতীক হাৰিয়ানাত বিক্ৰী কৰিছিল চক্ৰটোৱে ।

By

Published : Sep 25, 2022, 2:12 PM IST

Barpeta
বৰপেটা আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰীৰ বৃহৎ চক্ৰ

বৰপেটা, ২৫ ছেপ্টেম্বৰ :ৰাজ্যত পুনৰ সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ (Human trafficking in Assam) । এইবাৰ বৰপেটা আৰক্ষীৰ জালত সৰবৰাহকাৰী চক্ৰৰ ৯ জনীয়া এটা দল ।অসমৰ পৰা যুৱতী-মহিলা অপহৰণ কৰি বহিঃৰাজ্যত বিক্ৰী কৰিছিল চক্ৰটোৱে (Barpeta police busted human trafficking racket)। বৰপেটা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই সংবাদমেলযোগে বৰপেটা আৰক্ষীৰ এই বৃহৎ সফলতাৰ কথা সদৰি কৰে ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, ধৃত নাৰী সৰবৰাহকাৰী কেইটাৰ ভিতৰত এগৰাকী মহিলাও আছে । আটকাধীন সৰবৰাহকাৰী কেইটা ক্ৰমে আলেকা বেগম, আখেৰ আলী, নুৰ মহম্মদ, আনোৱাৰ হুছেইন, ছাদ্দাম হুছেইন, আশ্ৰাফুল আলম, আজাদ হুছেইন, দেলবৰ হুছেইন আৰু জয়নুৰ আলী (9 human traffickers arrested in Barpeta) ৷ বৰপেটা আৰক্ষীৰ এটা দলে হাৰিয়ানাত গৈ হাৰিয়ানা আৰক্ষীৰ সহযোগত অভিযান চলাই নাৰী সৰবৰাহকাৰী চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হয় (Assam Police busts human trafficking racket in Haryana)।

আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰা মতে হাৰিয়ানাত দুজন ব্যক্তিক আটক কৰাৰ পাছত আৰক্ষীয়ে বৰপেটা আৰু নলবাৰী জিলাৰ বিভিন্ন স্থানত অভিযান চলাই নাৰী সৰবৰাহকাৰী কেইটাক গ্ৰেপ্তাৰ কৰে ৷ নাৰী সৰবৰাহকাৰী কেইবাটাৰ কেইবাজনেও নিজকে ৰাহুল বুলি পৰিচয় দি একাংশ যুৱতীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল ৷ প্ৰেমৰ জালত পেলাই নাৰী সৰবৰাহকাৰী চক্ৰটোৱে পাছত যুৱতীসকলক গুৱাহাটীলৈ লৈ গৈ তাৰ পৰা ৰে'লযোগে হাৰিয়ানালৈ প্ৰেৰণ কৰিছিল ৷

হাৰিয়ানাত একোগৰাকী যুৱতী ডেৰ-দুই লাখৰ পৰা তিনি লাখ টকাত বিক্ৰী কৰিছিল চক্ৰটোৱে ৷ আনহাতে, অপহৃত যুৱতীসকলক পিংকি, পূজা আৰু প্ৰিয়ংকা নামেৰে হিন্দু যুৱতী বুলি পৰিচয় দি হাৰিয়ানাত একাংশ বিবাহযোগ্য লোকৰ ওচৰত বিক্ৰী কৰিছিল ৷ আৰক্ষীয়ে হাৰিয়ানাত বিক্ৰী কৰা বৰপেটা আৰু মঙলদৈৰ দুগৰাকী যুৱতীকো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ নাৰী সৰবৰাহৰ এই বৃহৎ চক্ৰটো আৰক্ষীৰ জালত পৰাৰ লগে লগে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আৰক্ষীয়ে ইতিমধ্যে ধৃত লোককেইজনক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :সোপাধৰাৰ সন্দেহত ফেৰীৱালাক প্ৰাণে মৰাৰ ভাবুকি

ABOUT THE AUTHOR

...view details