জনীয়া,18 নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলগাছিয়াত বুধবাৰে কা বিৰোধী সমন্বয় সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী প্ৰদৰ্শন কৰা হয় ৷ বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰা, নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দাবীত কলগাছিয়া চাৰিআলিত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই ৷
কলগাছিয়াত মানৱ শৃংখল প্ৰদৰ্শন - এনআৰচি
নাগৰিকত্ব সংশোধনী আইন বাতিল, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা কাৰাবন্দীৰ মুক্তি, চূড়ান্ত এনআৰচি প্ৰকাশ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা আৰু সাম্প্ৰদায়িকতাৰ ৰাজনীতি বন্ধ কৰা আদি কেইবাটাও দাবীত বুধবাৰে কলগাছিয়াত মানৱ শৃংখল কাৰ্যসূচী পালন কৰে কেইবাটাও স্থানীয় দল-সংগঠনে ৷

মানৱ শৃংখল প্ৰদৰ্শন
মানৱ শৃংখল প্ৰদৰ্শন
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে পাট বজাৰৰ পৰা কলগাছিয়া চাৰিআলিলৈ এক পদযাত্ৰা বাহিৰ কৰে ৷ প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ চৰকাৰে শীঘ্ৰে এই দাবীসমূহ মানি নল’লে সংগঠনকেইটাই ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন চলাই যোৱাৰ হুংকাৰ প্ৰদান কৰিছে ৷
লগতে চাওকঃধিঙত পথ নিৰ্মাণত পঞ্চায়তৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ