বৰপেটা, ৬ আগষ্ট :বাংলাদেশৰ পৰা অসমত নিয়ন্ত্ৰিত হৈ থকা ইছলামিক মৌলবাদী জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে অবশেষত ৰাজপথলৈ ওলাই আহিল খিলঞ্জীয়া গৰীয়া সংগঠন ৷ সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ নেতৃত্বই বৰপেটাৰ ভি আই পি চ'কত জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে শনিবাৰে সাব্যস্ত কৰিলে প্ৰতিবাদ(Garia Maria Desi Parisad protest against Jihadi in Barpeta)৷ মানৱ শৃংখল কাৰ্যসূচীৰে বৰপেটাৰ খিলঞ্জীয়া গৰীয়াসকলে ৰাজ্যত খোপনি পোতা জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
শংকৰ-আজানৰ দেশত কোনোপধ্যেই ইছলামিক জেহাদী কাৰ্যকলাপ চলাবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ নেতা ময়ুৰ আলীয়ে ৷ আনকি গৰীয়া নেতা ময়ুৰ আলীৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্য়োতি মহন্তক জেহাদী কাৰ্যকলাপত লিপ্তসকলক কঠোৰতকৈয়ো কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায় । জেহাদীক এনে শাস্তি দিবলৈ আহ্বান জনাই যাতে পিছলৈ কোনেও জেহাদৰ নাম ল’বলৈও ভয় কৰে ৷