বৰপেটা , 01 জুন:বৰপেটাত ক্ৰমাৎ বৃদ্ধি পাইছে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ৷ শুকুৰবাৰে নিশা আৰক্ষীয়ে এক অভিযান চলায় বৰপেটা চহৰৰ টুৰিষ্ট ল'জৰ কাষত এখন টেম্প'ৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু কফ'চিৰাপৰ বটল জব্দ কৰে ৷ জিলাখনৰ গ্ৰামাঞ্চললৈ সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰী সমূহ জব্দ কৰে ৷
বৰপেটাত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ - Etv bharat assam
বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিত দাসৰ নেতৃত্বত চলোৱা এই অভিযানত আৰক্ষীয়ে 7,200টা নিচাজাতীয় টেবলেট আৰু প্ৰায় 9 শতাধিক কফ'চিৰাফৰ বটল জব্দ কৰে ৷
বৰপেটাত বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰী জব্দ
জানিব পৰা মতে হাউলী চহৰৰ পৰা AS-21C-4505 নম্বৰৰ টেম্প' এখনেৰে নিচাজাতীয় সামগ্ৰী সমূহ খংৰা বজাৰলৈ নি থকা অৱস্থাত আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীসহ টেম্প' চালকজনক আটক কৰে ৷ আটকাধীন টেম্প' চালকজন খংৰা অঞ্চলৰ ছহিদুল ইছলাম ৷ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিত দাসৰ নেতৃত্বত চলোৱা এই অভিযানত আৰক্ষীয়ে 7,200 নিচাজাতীয় টেবলেট আৰু প্ৰায় 9 শতাধিক কফ'চিৰাফৰ বটল জব্দ কৰে ৷