অসম

assam

ETV Bharat / state

নামনি অসমৰ বিখ্যাত হাউলী ৰাস মহোৎসৱ অনুষ্টুপীয়াকৈ আয়োজনৰ সিদ্ধান্ত - ক’ৰণা মহামাৰী

শনিবাৰে ৰাজ্যজুৰি পালিত হ’ব ৰাস মহোৎসৱ ৷ পিছে ক’ৰণা মহামাৰীয়ে কঢ়িয়াই অনা ভয়াৱহ পৰিস্থিতিক লৈ উদ্বিগ্ন অসমবাসীয়ে এইবেলি মাথো আনুষ্ঠানিকতা ৰক্ষা কৰিহে পালন কৰিব ৰাস মহোৎসৱ ৷

নামনি অসমৰ বিখ্যাত হাউলী ৰাস মহোৎসৱ অনুষ্টুপীয়াকৈ আয়োজনৰ সিদ্ধান্ত
নামনি অসমৰ বিখ্যাত হাউলী ৰাস মহোৎসৱ অনুষ্টুপীয়াকৈ আয়োজনৰ সিদ্ধান্ত

By

Published : Nov 28, 2020, 7:48 PM IST

বৰপেটা, ২৮ নৱেম্বৰঃনামনি অসমৰ ভিতৰতে বিখ্যাত বৰপেটাৰ হাউলী ৰাস মহোৎসৱৰ এইবেলি নাই বিশেষ আয়োজন ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হাউলী ৰাস মহোৎসৱত মাথো ধৰ্মীয় ৰীতি পৰম্পৰাখিনি ৰক্ষা কৰিহে ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হ’ব বুলি উদযাপন সমিতিয়ে উল্লেখ কৰে ৷ উল্লেখযোগ্য যে, পূৰ্ৱতে কোটি টকীয়া বাজেটেৰে অনুষ্ঠিত কৰা হাউলী ৰাস মহোৎসৱত এইবেলি নিৰ্মাণ কৰা হোৱা নাই কোনো ধৰণৰ মৃন্ময় মূৰ্তি ৷

নামনি অসমৰ বিখ্যাত হাউলী ৰাস মহোৎসৱ অনুষ্টুপীয়াকৈ আয়োজনৰ সিদ্ধান্ত

আনহাতে এই তিনিদিনৰ কাৰ্যসূচীত অনুষ্ঠিত কৰা নহয় কোনো সাংস্কৃতিক অনুষ্ঠান ৷ হাউলী ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ উপহাৰ কুপন খেলখনো এইবেলি স্থগিত ৰখা হৈছে ৷ অনুষ্টুপীয়া আয়োজনেৰে ৰাস মহোৎসৱ পালন কৰা উদ্যোক্তা সকলৰ আশা ক’ৰণা মহামাৰী সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ পৰা মুক্ত হৈ পৰম পুৰুষ শ্ৰীকৃষ্ণৰ কৃপাত আগন্তুক বৰ্ষত আড়ম্বৰপূৰ্ণভাৱে ৰাস মহোৎসৱ উদযাপন কৰিব ৰাস মহোৎসৱ উদযাপন সমিতিয়ে ৷

লগতে পঢ়কঃ চাপৰত পথ দুৰ্ঘটনাত থিতাতে নিহত সাত বছৰীয়া ছাত্ৰী

ABOUT THE AUTHOR

...view details