বৰপেটা, ১৫ নৱেম্বৰ: মূৰ্তি ৰাস বুলিলে প্ৰথমেই চকুৰ আগত ভাহি আহে বৰপেটাৰ হাউলী(Howly)ৰ ৰাস মহোৎসৱ(Raas Mahotsav)স্থলীৰ আনন্দমুখৰ পৰিৱেশ । আটকধুনীয়া শ শ মৃন্ময় মূৰ্তি, বিভিন্ন বিপণী, পোহৰৰ খেলা, মীনা বজাৰ আদি যেন ৰাস মহোৎসৱৰ এক অবিচ্ছেদ্য অংশ । বিভিন্ন স্থানৰ পৰা যোৱা মানুহেৰে ভৰি থকা হাউলীৰ ৰাসস্থলীত এইবাৰ পূৰ্বৰ দৰে আনন্দ নাথাকিব ।
কিয়নো, ক'ভিড-১৯(Covid-19)ৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে চৰকাৰৰ নিৰ্দেশ মানি মাথোঁ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ ৰাস মহোৎসৱ আয়োজন কৰা হৈছে হাউলীত । ১৮, ১৯ আৰু ২০ নৱেম্বৰত উদযাপন কৰা হ'ব ৰাস মহোৎসৱ । পূৰ্বে ১৫ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছিল বৰপেটা জিলাৰ হাউলীৰ ৰাস মহোৎসৱ ৷ কিন্তু এইবাৰ ৰাসত নাথাকিব কোনো ব্যয় বহুলতা ৷ মাথোঁ ধৰ্মীয় ৰীতি-নীতি, নাম-প্ৰসংগৰে অনুষ্টুপীয়াকৈ উদযাপন কৰা হ'ব ৰাস মহোৎসৱ ৷
আনহাতে, হাউলীৰ ৰাস বুলি ক'লেই মানুহৰ বিশেষ আগ্ৰহৰ বিষয় উপহাৰ কুপন খেলখন এইবেলিও অনুষ্ঠিত নহয় ৷ হাউলীৰ ৰাসত অনুষ্ঠিত উপহাৰ কুপনৰ খেলখনত মাথোঁ ১০০ টকা মূল্যৰ উপহাৰ কুপন ক্ৰয় কৰি লাভ কৰে প্ৰায় ৩৫ লাখ টকীয়া বিলাসী গাড়ী ৷