জনীয়া ,২৬ আগষ্ট:বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বামুনটাৰীত গাঁওপ্ৰধানে গুণ্ডাগিৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে । চিকণী গাঁও পঞ্চায়তৰ অন্তৰ্গত সাওৰাচৰা গাঁৱৰ গাঁওপ্ৰধান আব্দুল হাইয়ে মদ্য়পান কৰি এজন যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ইয়াকে লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।
লগতে পঢ়ক:Press Meet of Assam Pradesh Mahila Morcha :দুবছৰ সম্পূৰ্ণ কৰিলে অসম প্রদেশ মহিলা মৰ্চাই
উত্থাপিত অভিযোগ অনুসৰি মদ্য়পান কৰি গাঁওপ্ৰধানে গুণ্ডাগিৰীত লিপ্ত হৈছে । গাওঁপ্ৰধানৰ লগতে আন এজন লোকে গুৰুলা গুৰুলকৈ মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰিলে মোবাৰক আলী নামৰ এজন যুৱকক। উল্লেখযোগ্য যে চিকণী গাঁও পঞ্চায়তৰ অন্তৰ্গত সাওৰাচৰা গাঁৱৰ গাঁওপ্ৰধান আব্দুল হাইয়ে নিজৰ বাহনেৰে শুক্ৰবাৰে নিশা উক্ত গাঁৱৰে মোবাৰক আলী নামৰ এজন যুৱকক লগত লৈ ফুৰিবলৈ যায় । কিন্তু হঠাৎ মাজনিশা ওভতাৰ পথত কলগাছিয়াৰ বামুনটাৰীত বাহন ৰখাই গাঁওপ্ৰধান আব্দুল হাইয়ে সুৰাৰ ৰাগীত মাতাল হৈ মোবাৰক আলীৰ সৈতে প্ৰথমে কোনো কথাকলৈ তৰ্ক-বিতৰ্কৰ সূত্ৰপাত কৰে ।