অসম

assam

ভুৱা হোমিঅ'পেথিক চিকিৎসাৰ বিৰুদ্ধে সৰৱ হোমিঅ'পেথিক চিকিৎসক সন্থা

By

Published : Nov 28, 2019, 8:58 PM IST

প্ৰয়োজনীয় হোমিঅ'পেথিক চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অবিহনেই ভুৱা ডিগ্ৰী, ভুৱা পঞ্জীয়নেৰে ৰাজ্যখনত চলি আছে হাজাৰ হাজাৰ হোমিঅ'পেথিক চিকিৎসাৰ ক্লিনিক ৷

BARPETA
হোমিঅ'পেথিক চিকিৎসক সন্থা

বৰপেটা, 28 নৱেম্বৰঃ ৰাজ্যত এতিয়া হোমিঅ'পেথিক চিকিৎসাৰ নামত ভুৱা চিকিৎসকৰ দপদপনি বৃদ্ধি পাবলৈ ধৰিছে ৷ বৰপেটাত এনে ভুৱা হোমিঅ' ক্লিনিকসমুহ বন্ধ কৰাৰ বাবে হোমিঅ'পেথিক চিকিৎসক সন্থাই ৰাজ্যৰ স্বাস্থ্য বিভাগক দাবী জনাইছে ৷ হোমিঅ'পেথিক চিকিৎসকসকলে যুটীয়া স্বাস্থ্য সঞ্চালকৰ লগতে জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰি এনে অবৈধ, ভুৱা হোমিঅ' ক্লিনিকসমুহ বন্ধৰ দাবী উত্থাপন কৰিছে ৷

হোমিঅ'পেথিক চিকিৎসাৰ বিৰুদ্ধে সৰৱ হোমিঅ'পেথিক চিকিৎসক সন্থা

যিসময়ত হোমিঅ'পেথিক চিকিৎসা বিজ্ঞানত নাম ভৰ্তিৰ বাবে এজন ছাত্ৰই উচ্চতৰ মাধ্যমিক শ্ৰেনীত প্ৰথম বিভাগত উত্তীৰ্ন হোৱাৰ লগতে CEE, NEET আদি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দৰকাৰ, তেনে সময়তে হোমিঅ'পেথিক মহাবিদ্যালয়ৰ চাৰি বছৰতকৈয়ো অধিক প্ৰয়োজনীয় পাঠ্যক্ৰম অবিহনেই একাংশ অৰ্ধশিক্ষিত লোকে ৰাজ্যখনৰ গাঁৱে গাঁৱে হোমিঅ'পেথিক চিকিৎসক হিচাপে চিনাকি দি চিকিৎসা ব্যৱসায় চলাই অহাৰ ঘটনা প্ৰায়ে পোহৰলৈ আহি আছে ৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ চৰম অনীহা, ঔষধ পৰিদৰ্শকৰ তৎপৰতাৰ অভাৱত প্ৰয়োজনীয় শিক্ষা আৰু পঞ্জীয়ন অবিহনে স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ চকুৰ আগতেই চলি থকা ভুৱা হোমিঅ'পেথিক চিকিৎসা সেৱা বন্ধৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে কি ব্যৱস্থা লয় সেয়া নিশ্চয়কৈ লক্ষ্যনীয় হ'ব ৷

ABOUT THE AUTHOR

...view details