অসম

assam

ETV Bharat / state

হোমেন বৰগোহাঞিক ক'ভিড ভেকচিন প্ৰদান - বৰপেটাৰ সাংবাদিক

প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞি শনিবাৰে গুৱাহাটীৰ পৰা বৰপেটাত উপস্থিত হোৱাৰ পিচতে বৰপেটা মেডিকেল কলেজত নিৰ্দিষ্ট নিয়মৰ মাজেৰে সাহিত্যিক গৰাকীক ক'ভিড ভেকচিন প্ৰদান কৰে চিকিৎসকে ৷ আনহাতে বৰপেটা মেডিকেল কলেজত বৰপেটাৰ সাংবাদিকসকলকো ভেকচিন প্ৰদান কৰা হয় ৷

হোমেন বৰগোহাঞিক ক'ভিড ভেকচিন প্ৰদান
হোমেন বৰগোহাঞিক ক'ভিড ভেকচিন প্ৰদান

By

Published : Mar 6, 2021, 10:19 PM IST

বৰপেটা ৬ মাৰ্চ: প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞি শনিবাৰে গুৱাহাটীৰ পৰা বৰপেটাত উপস্থিত হোৱাৰ পিচতে বৰপেটা মেডিকেল কলেজত নিৰ্দিষ্ট নিয়মৰ মাজেৰে সাহিত্যিক গৰাকীক ক'ভিড ভেকচিন প্ৰদান কৰে চিকিৎসকে ৷ আনহাতে বৰপেটা মেডিকেল কলেজত বৰপেটাৰ সাংবাদিকসকলকো ভেকচিন প্ৰদান কৰা হয় ৷

হোমেন বৰগোহাঞিক ক'ভিড ভেকচিন প্ৰদান
ক'ভিড ভেকচিন প্ৰদানৰ সময়ত বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া আৰু একাংশ জ্যেষ্ঠ চিকিৎসক উপস্থিত থাকে ৷ ক'ভিড ভেকচিন প্ৰদানৰ পিচতে সাংবাদিকক সম্বোধন কৰি প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিয়ে বিজ্ঞানৰ অবদান ভেকচিন লবলৈ বহু লোকে ভয় কৰা কথাতো কল্পনা কৰিব নোৱাৰে বুলিও মন্তব্য কৰে ৷ ক'ভিড ভেকচিন লবলৈ ভয় কৰাটোক চাৰিত্ৰিক দুৰ্বলতা বুলি অভিহিত কৰি এইক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰসংগও উল্লেখ কৰে ৷ ভেকচিন লোৱাৰ পিচত নিজৰ মনত নিশ্চিন্ত অনুভৱ কৰাৰ কথা উল্লেখ কৰি এতিয়া য'লৈ ,ত'লৈ লৈ যাবলৈ কোনো শংকাবোধ নোহোৱা হ’ল বুলি উল্লেখ কৰে সাহিত্যিক গৰাকীয়ে ৷ একেদৰে ক'ভিড ভেকচিনৰ পৰা সু-ফল পোৱা বুলি মন্তব্য কৰি যি সকলে ভেকচিন লোৱা নাই তেওঁলোক প্ৰতি পলে পলে শংকাত থাকিব আৰু যি সকলে ভেকচিন লবলৈ সাহস কৰা নাই তেওলোক শিক্ষা দীক্ষা যিমানেই নলওক কিয়, তেওলোকৰ মনৰ পৰা কুসংস্কাৰ দুৰ হোৱা নাই বুলিও মন্তব্য কৰে হোমেন বৰগোহাঞি ৷
হোমেন বৰগোহাঞিক ক'ভিড ভেকচিন প্ৰদান
ইপিনে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ৰমেন তালুকদাৰে জনোৱা মতে, এতিয়ালৈকে বৰপেটা মেডিকেল কলেজত ১১৬৫ গৰাকী লোকে প্ৰথম পালি আৰু ১৬০ গৰাকীয়ে দ্বিতীয় পালি ক'ভিড ভেকচিন গ্ৰহণ কৰিছে ৷লগতে পঢ়কঃ কি ঘটিছে ৰাজ্যৰ ৰাজনীতিত...

ABOUT THE AUTHOR

...view details