অসম

assam

ETV Bharat / state

গৃহবিভাগ চলোৱাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী- আমছু সভাপতি - মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ

ওৰে নিশা উলংগ কৰি আৰক্ষীয়ে শাৰীৰিক নিৰ্যাতন চলোৱা মহিলাকেইগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ গৈ মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ৷ মুখ্যমন্ত্ৰীৰ অকৰ্মন্যতাৰ বাবে এনে কাণ্ড সংঘটিত হোৱাৰ অভিযোগ সভাপতি গৰাকীৰ ৷

home ministry is not under control of CM, AAMSU president

By

Published : Sep 21, 2019, 5:05 AM IST

বৰপেটা, 21 চেপ্তেম্বৰঃ ৰাজ্য গৃহ বিভাগটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত নাই ৷ ৰাজ্যত আৰক্ষীৰ দ্বাৰা মহিলা নিৰ্যাতন চলি থকা শেহতীয়া ঘটনাটোৰ পৰাই ইয়াকে বুজিব পাৰি ৷ গৃহবিভাগটো নিয়াৰিকৈ পৰিচালনা কৰাত বিফল মুখ্যমন্ত্ৰী ৷ শেহতীয়াকৈ চিৰাঙৰ আৰক্ষীৰ নিৰ্মম অত্যাচাৰৰ বলি হোৱা মহিলাকেইগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ গৈ বৰপেটা ৰোড চিকিৎলয়ত উপস্থিত মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ৷ মুখ্যমন্ত্ৰীয়ে চৰকাৰখন চলোৱাত যিমানেই সফল হৈছে বুলি দাবী নকৰক কিয় তেওঁ গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে আৰু মুখ্যমন্ত্ৰী সোণোৱালক গৃহ বিভাগৰ দায়িত্বভাৰো সোনকালে এৰি দিবলৈ দাবী জনায় সভাপতিগৰাকীয়ে ৷ লগতে, ৰক্ষকেই ভক্ষক হৈ নিৰ্দোষী মহিলাকেইগৰাকীক নিৰ্যাতিত কৰা আৰক্ষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ লগতে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলনৰ কৰি তোলাৰ হুংকাৰ দিয়ে ৰেজাউল কৰিম চৰকাৰে ৷

গৃহবিভাগ চলোৱাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী- আমছু সভাপতি

তেওঁ লগতে কয় যে, সাম্প্ৰতিক সময়ত কেৱল সংখ্যালঘূৰ ওপৰতেই নহয় মহিলাসকলৰ ওপৰতো অন্যায়-অত্যাচাৰ সংঘটিত হৈ আহিছে ৷ অনৈতিক কামৰ সীমা চেৰাই ৰাজ্যত চৰকাৰ থকা নথকা কোনো পাৰ্থক্য পৰিলক্ষিত নোহোৱাৰ দৰে হৈছে ৷ আৰক্ষী বিষয়াই যদি ৰাতিৰ আন্ধাৰত নিৰীহ মহিলাৰ ওপৰত নিৰ্মমভাৱে জপিয়াই পৰেগৈ ৰাজ্যবাসী সকল কোনফালৰ পৰা নিৰাপদ, ইয়াৰ ফলত প্ৰশাসনৰ প্ৰতি ৰাইজৰ বিশ্বাস আস্থা সকলো মষিমূৰ হৈ পৰিছে বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷ ইয়াৰ উপৰিও সৰ্বানন্দ সোণোৱাল যদি প্ৰকৃতাৰ্থত অসমৰ মুখ্যমন্ত্ৰী তেনেহ'লে মহিলাক সুৰক্ষা দিয়াৰ দায়িত্ব লৈ ৰাজ্যখনক ভয়াবহ পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ আহ্বান জনায় আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details