কলগাছিয়া,২৬ আগষ্ট :অসমত আছে এখন অঘোষিত টোলগেট । টোলগেটখনৰে বাহন পাৰ হৈ গ'লেই দিব লাগে ১০০ টকা । টোলগেটৰ দায়িত্বত আছে গৃহৰক্ষী জোৱান । হয়টো আপুনিও চিন্তা কৰিছে এই অঘোষিত টোলগেট আকৌ কি ?
আচলতে অভয়াপুৰীৰ পৰা হাজো দৌলাশাল হৈ আমিনগাঁৱলৈ যোৱা ২ নং বিকল্প ৰাজ্যিক ঘাইপথটো শেহতীয়াকৈ গৰাখহনীয়াৰ কৱলত পৰিছিল (Erosion effects Hajo Amingaon road)। ইতিমধ্যে পথটোৰ বহু অংশ নৈৰ বুকুত জাহ গৈছে । যাৰ বাবে বৰপেটা জিলা প্ৰশাসনে পথটোৰে গধুৰ যান-বাহনৰ চলাচলত বাধা আৰোপ কৰিছে (Administration bans movement of heavy vehicles)। ঠায়ে ঠায়ে পথ বন্ধৰ ফলকো লগোৱা হৈছে ।
পথটোৰ কৰাৰকুৰ আৰু বামুণটাৰী অংশত যান-বাহনৰ চলাচল নিৰীক্ষণ কৰিবলৈ গাঁওৰক্ষী বাহিনীৰ সহযোগত বালিকুৰী পহৰা আৰক্ষী চকীৰ আৰক্ষী আৰু গৃহৰক্ষী জোৱানক দায়িত্ব দিয়া হৈছে । কিন্তু আপুনি শুনি আচৰিত হ'ব যে খাকী পোছাকত থকা একাংশ ৰক্ষকেই এতিয়া ভক্ষকৰ ৰূপ লোৱাৰ অভিযোগ উঠিছে । অভিযোগ অনুসৰি প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো ধন লৈ গধুৰ যান-বাহন চলাচলত অনুমতি দিয়ে একাংশ খাকী পোছাকধাৰীয়ে (Home guards illegally take money from vehicles)।