অসম

assam

ETV Bharat / state

ধুমুহাই উৰুৱাই লৈ গ’ল সপোনৰ ঘৰখন - বিস্তৰ ক্ষতি সাধন

শনিবাৰে নিশা অহা প্ৰচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতিসাধন কৰে বজালীৰ বিভিন্ন অঞ্চলত । বজালীৰ ভালেমান অঞ্চল বিশেষভাৱে চৈবাৰী, মাণিকপুৰ, বিচানকুছি আদি অঞ্চলত ধুমুহা-বৰষুণে বিস্তৰ ক্ষতিসাধন কৰে ৷

home-destroyed-by-strom
কাল ধুমুহাই উৰুৱাই লৈ গল সপোনৰ ঘৰ খন

By

Published : Apr 11, 2021, 9:25 PM IST

পাঠশালা,11 এপ্ৰিল: ৰাজ্যৰ ভিন্ন প্ৰান্তত অহা প্ৰচণ্ড ধুমুহা বতাহে কাল হ’ল বহু পৰিয়ালৰ । শনিবাৰে নিশা অহা প্ৰচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতিসাধন কৰে বজালীৰ বিভিন্ন অঞ্চলত । বজালীৰ ভালেমান অঞ্চল বিশেষভাৱে চৈবাৰী, মাণিকপুৰ, বিচানকুছি আদি অঞ্চলত ধুমুহা-বৰষুণে বিস্তৰ ক্ষতিসাধন কৰে ৷

কাল ধুমুহাই উৰুৱাই লৈ গল সপোনৰ ঘৰ খন

ধুমুহাই বহু লোকৰ ঘৰ-বাৰীৰ ক্ষতিসাধন কৰাৰ উপৰিও টিনপাত, ফেন, বিদ্যুতৰ খুঁটাৰ ক্ষতিসাধন কৰে ৷ প্ৰচণ্ড ধুমুহা-বৰষুণত হোৱা ক্ষতিত পৰিয়াল কেইটাৰ বিলাই-বিপত্তি নোহোৱা হৈছে । বৃষ্টিপাতৰ ফলত বহু ঠাইত বিদ্যুতৰ খুঁটা উভালি পৰাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানেও বজালীৰ বহু ঠাইত বিদ্যুৎ সেৱা ব্যাহত হৈ আছে ।

লগতে পঢ়ক:মুম্বাইৰ ৰিয়েল টেক ভৱনত অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details