বৰপেটা ৰোড, 30 অক্টোবৰঃ ত্ৰিছ অক্টোবৰ ৷ ইতিহাসৰ এক ক'লা অধ্যায় ৷ নিৰীহৰ তেজেৰে ৰাঙলী হৈ পৰিছিল ৰাজপথ ৷ ২০০৮ চনৰ 30 অক্টোবৰ দিনটোতেই গুৱাহাটী, বঙাইগাঁও, কোকৰাঝাৰৰ লগতে নামনি অসমৰ বৰপেটা ৰোডত সংঘটিত হৈছিল ধাৰাবাহিক বিস্ফোৰণৰ ঘটনা ৷ বৰপেটাৰোডৰ পাইকাৰী শাকপাচলি বজাৰ আৰু চৌধুৰী শ্বপিং কমপ্লেক্সৰ সন্মুখত হোৱা দুটাকৈ শক্তিশালী বোমা বিস্ফোৰণে 15 জনকৈ নিৰীহ লোকৰ নিমিষতে প্ৰাণ কাঢ়ি নিছিল ৷ সেই ভয়াৱহ দিনটোৰ কথা স্মৰণ কৰি সন্ত্ৰাসবাদীৰ দ্বাৰা নিৰ্যাতিত পৰিয়াল মঞ্চ আৰু বৰপেটাৰোডৰ নেতাজী সংঘই বুধবাৰে বৰপেটাৰোডৰ দুয়োটা বোমা বিস্ফোৰণ স্থলীত আয়োজন কৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ উক্ত স্থানত মমবাতি প্ৰজ্বলনেৰে বিস্ফোৰণত নিহত হোৱা সকলৰ আত্মাৰ চিৰশান্তি কামনা কৰা হয় ৷
আজি ক’লা 30 অক্টোবৰঃ বিস্ফোৰণত নিহতসকললৈ ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি - homage for 30 October bomb blast dead people
২০০৮ চনৰ 30 অক্টোবৰৰ এই দিনটোতেই গুৱাহাটী, বঙাইগাঁও, কোকৰাঝাৰৰ লগতে নামনি অসমৰ বৰপেটা ৰোডত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনা ৷ বৰপেটাৰোডৰ পাইকাৰী শাকপাচলি বজাৰ আৰু চৌধুৰী শ্বপিং কমপ্লেক্সৰ সন্মুখত হোৱা দুটাকৈ শক্তিশালী বোমা বিস্ফোৰণে 15 জনকৈ নিৰীহ লোকৰ নিমিষতে প্ৰাণ কাঢ়ি নিছিল ৷ বৰপেটাৰোডৰ সমান্তৰালকৈ গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থায়ো অনুস্থিত কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷
আনহাতে,11ন বছৰ পূৰ্ৱে আজিৰ দিনটোতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা বিস্ফোৰণ ঘটাই সন্ত্ৰাসবাদীয়ে যি নাৰকীয় কাণ্ড সংঘটিত কৰিছিল সেই সকলক ফাঁচিৰ দাবী উত্থাপন কৰে ৷ লগতে ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত সকলৰ প্ৰতিটো পৰিয়ালত এটাকৈ চাকৰি আৰু অন্যান্য সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় সন্ত্ৰাসবাদীৰ দ্বাৰা নিৰ্যাতিত পৰিয়ালৰ মঞ্চই ৷
বৰপেটাৰোডৰ সমান্তৰালকৈ গোলাঘাটতো সদৌ অসম ছাত্ৰ সন্থাই অনুস্থিত কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই গোলাঘাট আছু কাৰ্যালয়ৰ সন্মুখত অভিশপ্ত দিনটোত প্ৰাণ হেৰুওৱা সকলক বন্তি প্ৰজ্বলন কৰি স্মৰণ কৰে। ৩০ অক্টোবৰ আকৃতিৰে কেইবাশ বন্তি প্ৰজ্বলন কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে ৷