বৰপেটা,২৯ জানুৱাৰী: সত্ৰনগৰী বৰপেটাৰ ৰাখাল থানত অনুষ্ঠিত হোৱা ১১ দিনীয়া হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালাৰ সফলভাৱে সামৰণি পৰে । ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত কৰ্মশালাখন অনুষ্ঠিত হয় । শিশু, কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকলক বৰপেটাৰ ঐতিহ্য হোলীগীত আৰু বৰপেটা সত্ৰৰ বুঢ়াভকত নৰহৰি বুঢ়াভকতে প্ৰসাৰ কৰা ভোৰতাল নৃত্যত পাৰ্গত কৰি তোলাৰ উদ্দেশ্যেৰে অনুষ্ঠিত হয় ভোৰতাল আৰু হোলীগীতৰ কৰ্মশালা ৷
সত্ৰনগৰী বৰপেটাত ভোৰতাল আৰু হোলীগীতৰ কৰ্মশালা
হোলীগীতৰ সুললিত সুৰেৰে মুখৰিত হৈ পৰিল সত্ৰনগৰী বৰপেটাৰ ৰাখাল থান। ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত ১১ দিনীয়া হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা । এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত হোলীগীত আৰু ভোৰতাল নৃত্য পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰিলে শিশু,কিশোৰ-কিশোৰীসকলে।
১১ দিনীয়াকৈ অনুষ্ঠিত এই কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত হোলীগীত আৰু ভোৰতাল নৃত্য পৰিৱেশন কৰে নৱ প্ৰজন্মৰ শিল্পীসকলে ৷ সামৰণি অনুষ্ঠানত প্ৰশিক্ষক তথা শিল্পী নকুল দাস,বিপুল ওজা,মনোজ কুমাৰ দাস আৰু কবিন দাসে প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । পিক্সি মুভিজ আৰু একাডেমী অৱ খোলবাদ্যৰ সহযোগত অনুষ্ঠিত হোৱা হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত অক্ষয় কুমাৰ মিশ্ৰ উপস্থিত থকাৰ লগতে কেইবাগৰাকীও শিল্পীয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক:ৰঙাপৰা সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰথমটো খোজঃ সমষ্টি সমিতি গঠন