অসম

assam

By

Published : Mar 2, 2020, 12:01 PM IST

ETV Bharat / state

হোলী উৎসৱৰ প্ৰাকক্ষণত হোলী গীত সমাৰোহ

বৰপেটাৰ শংকৰদেৱ শিশু উদ্যানত নবীন প্ৰবীন শিল্পীৰ হোলী গীত সমাৰোহ ৷ সমাৰোহত ভাগ ল'লে বৰপেটাৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা ,শিল্পী বিদ্যাসাগৰৰ লগতে আন বহু শিল্পীয়ে ৷ সমাৰোহৰ লগত সংগতি ৰাখি প্ৰমথৰঞ্জন কন্টিক হোলী সাধক বঁটা প্ৰদান ৷

holy homaruh at Barpeta
হোলী উৎসৱৰ প্ৰাকক্ষণত হোলী গীত সমাৰোহ

বৰপেটা,2 মাৰ্চঃসমাগত দৌল মহোৎসৱ ৷ দৌল মহোৎসৱক লৈ আনন্দৰ জোৱাৰ উঠিছে প্ৰত্যেকজন বৰপেটাবাসীৰ মাজত ৷ দৌলৰ সেই উন্মাদনা কঢ়িয়াই বৰপেটাত দেওবাৰে নিশা অনুষ্ঠিত হয় নবীন প্ৰবীন শিল্পীৰ হোলী গীত সমাৰোহ ৷

হোলী উৎসৱৰ প্ৰাকক্ষণত হোলী গীত সমাৰোহ

বৰপেটাৰ দক্ষিণহাটীৰ শংকৰদেৱ শিশু উদ্যানত অনুষ্ঠিত হোৱা এই হোলী গীত সমাৰোহে যেন দৌল মহোৎসৱৰ আগতীয়া বতৰা কঢ়িয়াই আনিলে সত্ৰনগৰী বৰপেটালৈ ৷ বিগত বৰ্ষৰ পৰা শংকৰদেৱ শিশু উদ্যানত অনুষ্ঠিত হৈ আহিছে এই হোলীগীত সমাৰোহ ৷ দৌলৰ বতৰা কঢ়িয়াই দেওবাৰে নিশা অনুষ্ঠিত হোলী গীতৰ সমাৰোহখনত বৰপেটাৰ প্ৰায় সকলো নবীন প্ৰবীন শিল্পীয়ে অংশগ্ৰহণ কৰি হোলী গীতৰ সুৰত বুৰ যায় ৷

এই সমাৰোহখনিত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মায়ো অংশগ্ৰহণ কৰে ৷ বিশিষ্ঠ সত্ৰীয়া শিল্পী গুনীন ওজা, নকুল দাস আদিৰ সৈতে বুঢ়াসত্ৰীয়া প্ৰভুৱে প্ৰাণঢালি পৰিৱেশন কৰে হোলী গীত ৷ আনহাতে জনপ্ৰিয় শিল্পী বিদ্যাসাগৰেও হোলী গীত সমাৰোহত অংশ লৈ পৰিৱেশন কৰে হোলী গীত ৷ সমাৰোহত অংশগ্ৰহণ কৰি বিদ্যাসাগৰে বৰপেটাৰ এই সমৃদ্ধ হোলী গীত সমূহক বৰপেটাতে সীমাৱদ্ধ নাৰাখি সমগ্ৰ অসমলৈ লৈ যোৱাৰ বাবে বৰপেটাৰ শিল্পীসকলৰ প্ৰতি আহ্বান জনায় ৷

বিহুগীতৰ দৰেই হোলী গীতকো সকলো মঞ্চতে পৰিৱেশন কৰি ইয়াৰ প্ৰসাৰ ঘটাবলৈ আহ্বান জনায় শিল্পীগৰাকীয়ে ৷ বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে মুকলি কৰা এই হোলী গীত সমাৰোহতে হোলী গীতক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা হোলী গীতৰ শিল্পী প্ৰমথৰঞ্জন কন্টিক হোলী গীত সাধক বঁটা প্ৰদান কৰা হয় ৷ অধ্যাপক অতুল গোস্বামীৰ স্মৃতিত তেওঁৰ পৰিয়ালৰ লোকে প্ৰদান কৰা হোলী সাধক বঁটাৰ সৈতে শিল্পীগৰাকীক প্ৰদান কৰা হয় চেলেংচাদৰ, শৰাই, নগদ ধন আৰু প্ৰশস্তিপত্ৰ ৷ হোলী গীত সমাৰোহখনিত বৰপেটাৰ বহু লোকে অংশগ্ৰহণ কৰি দৌলৰ আগতীয়া আনন্দ উলাহত মগন হৈ পৰে ৷

লগতে পঢ়কঃ জুবিন গাৰ্গ আৰু অংগৰাগ মহন্তৰ হােলী গীতৰ শ্ৰব্য এলবাম উন্মােচন

ABOUT THE AUTHOR

...view details