নগাঁও,বটদ্ৰৱা,10 মাৰ্চঃধৰ্মীয় পৰম্পৰা অটুট ৰাখি বৰপেটা, বটদ্ৰৱাৰ লগতে বৰদোৱাত উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ হোলী ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বৰদোৱাত প্ৰতিবছৰে উলহ মালহেৰে অনুষ্ঠিত হয় এই ফাকুৱা উৎসৱ ৷ এইবাৰো তাৰ কোনো ব্যতিক্ৰম হোৱা নাই ৷ কৰ'ণা ভাইৰাছৰ আতংকক একাষৰীয়া কৰি সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰিছে আনন্দেৰে ৷ বৰদোৱাত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই ৰঙৰ উৎসৱ ৷ এয়া সোমবাৰৰ নিশাৰ দৃশ্য ৷ হৰিনামৰ ধ্বনিত মুখৰিত হৈ পৰিছে গুৰুজনাৰ জন্মস্থান ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তগন আহি সেৱা লৈছে এই পৱিত্ৰ থানত ৷
হোলীৰ আনন্দত আত্মহাৰা ৰাজ্যবাসী - বটদ্ৰৱা ,বৰদোৱা হোলী
ধৰ্মীয় পৰম্পৰা অটুট ৰাখি বৰপেটা, বটদ্ৰৱাৰ লগতে বৰদোৱাত আড়ম্বৰতাৰে উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ হোলী ৷ কৰ'ণা ভাইৰাছৰ আতংকক একাষৰীয়া কৰি সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰিছে আনন্দেৰে ৷
হোলীৰ আনন্দত আত্মহাৰা ৰাজ্যবাসী
আশীষ ল'বলৈ আহে অসম সাহিত্য সভাৰ উপ সভাপতি তথা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীও ৷ ইফালে বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণ দৌল মহোৎসৱ । প্ৰত্যেক নিশাই পৱিত্ৰ আকাশী গংগাৰ তীৰত অনুষ্ঠিত হৈ আছে গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিৰ মনোমোহা অনুষ্ঠান ।
লগতে পঢ়কঃপৰম্পৰা ৰক্ষা কৰি দৌল উৎসৱ পালন লখিমপুৰত