বৰপেটা, ৬ মাৰ্চ:আৰম্ভ হ'ল বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱ ৷ বৰপেটা সত্ৰত এতিয়া দৌল মহোৎসৱক লৈ ব্যাপক তৎপৰতা (Doul Mahostsav 2023) ৷ মনে প্ৰাণে বসন্ত ঋতুৰ আগমনৰ মাদকতা ৷ সকলো দৌল মহোৎসৱ আগমণৰ বতৰাত উন্মনা ৷ সৰ্বত্ৰে এতিয়া হোলীগীতৰ লহৰ ৷ বৰপেটা জিলাৰ বিভিন্ন ঠাইৰ লগতে বৰপেটা সত্ৰৰ চৈদিশে হোলীগীতৰ মূৰ্চনাৰে মুখৰিত হৈ পৰিছে সত্ৰনগৰীৰ আকাশ বতাহ ৷ সত্ৰখনৰ সন্মুখত পুৱাৰে পৰাই হোলীগীতৰ ৰোল উঠিছে ৷ হোলীগীত আৰু কৃষ্ণ ভক্তিৰসত ডুব গৈছে সত্ৰনগৰী বৰপেটা ৷
বৰপেটা সত্ৰৰ চৌদিশে হোলী গীতৰ সুৰৰ লগতে সত্ৰনগৰী বৰপেটাৰ বিভিন্ন অনুষ্ঠানে আয়োজন কৰিছে হোলীগীত প্ৰতিযোগিতা (Holi Song Competition at Barpeta) ৷ বৰপেটাৰ দৌল উৎসৱৰ অন্যতম অংগ হ'ল হোলীগীত । প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৰপেটাৰ হোলীগীত ক্ৰমে অধিক জনপ্ৰিয় হৈ উঠিছে । যাৰ বাবে পূৰ্বে বৰপেটাৰ পৰিসীমাৰ ভিতৰতে আৱদ্ধ হৈ থকা এই গীতে এতিয়া চৌদিশে প্ৰসাৰ লাভ কৰিছে । দৌল মহোৎসৱৰ সৈতে সংগতি ৰাখি বৰপেটাৰ বিভিন্ন অনুষ্ঠানৰ উদ্যোগত হোলীগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ।
বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই বিগত ২৯ বছৰে দৌল মহোৎসৱৰ আগদিনা আয়োজন কৰি অহা হোলীগীত প্ৰতিযোগিতা দেওবাৰে অনুষ্ঠিত হয় ৷ সংগীত নাটক অকাডেমী বঁটা প্ৰাপক গুনীন্দ্ৰ নাথ ওজাই মুকলি কৰা আছুৰ হোলীগীত প্ৰতিযোগিতাখনিত কেইবাটাও যুৱক-যুৱতীৰ দলে অংশগ্ৰহণ কৰে ৷ একেদৰে সংস্কাৰ ভাৰতী, অসম যুৱ পৰিষদৰ বৰপেটা জিলা সমিতি, বিজেপি যুৱ মৰ্চাকে আদি কৰি বিভিন্ন অনুষ্ঠানে আয়োজন কৰা হোলীগীত প্ৰতিযোগিতাক লৈ উখল মাখল পৰিবেশে বিৰাজ কৰিছে সত্ৰনগৰী বৰপেটা ৷