বৰপেটা ২৪ ফেব্ৰুৱাৰীঃ সত্ৰনগৰী বৰপেটাবাসীৰ আয়ুসৰেখা দৌল মহোৎসৱ সমাগত । ফাগুনৰ উন্মাদনা আৰু দৌল উৎসৱৰ আগমণৰ লগে লগে হােলীগীতৰ মূৰ্ছনাত প্ৰাণ পাই উঠিছে সত্ৰনগৰী বৰপেটা ৷ হােলীগীতৰ সাধনাত ব্যস্ত হৈ পৰিছে বৰপেটাৰ শিল্পী,কলাকুশলী । সমাগত দৌল মহোৎসৱক লৈ প্ৰস্তুত কৰা হােলীগীতৰ শ্ৰব্য এলবাম এখন দেওবাৰে বৰপেটা প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় ৷
জুবিন গাৰ্গ আৰু অংগৰাগ মহন্তৰ হােলী গীতৰ শ্ৰব্য এলবাম উন্মােচন - বৰপেটাত জুবিন গাৰ্গ আৰু অংগৰাগ মহন্তৰ কণ্ঠসমৃদ্ধ হােলী গীতৰ শ্ৰব্য এলবাম উন্মােচন
জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, জিতেন বসুমতাৰী, ভাস্কৰজ্যোতি ওজা আৰু ৰাহুল গৌতম শৰ্মাৰ কণ্ঠ সমৃদ্ধ 'মােহন মুৰুলী' নামৰ হােলীগীতৰ শ্ৰব্য এলবামখন উন্মােচন কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ লগতে কেবাগৰাকীও বিশিষ্ঠ ব্যক্তিয়ে ৷

লগতে পঢ়কঃ নতুন ৰাজনৈতিক দল কৰিব বিচৰাটো এটা ডাঙৰ ভুৱা সপোন
জুবিন গাৰ্গ,অংগৰাগ পাপন মহন্ত,জিতেন বসুমতাৰী,ভাস্কৰজ্যোতি ওজা আৰু ৰাহুল গৌতম শৰ্মাৰ কণ্ঠ সমৃদ্ধ 'মােহন মুৰুলী'নামৰ হােলীগীতৰ শ্ৰব্য এলবামখন উন্মােচন কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ লগতে কেবাগৰাকীও বিশিষ্ঠ ব্যক্তিয়ে ৷ য়ুহানা প্ৰডাকচনৰ বেনাৰত ডাঃ অৰুণ কুমাৰ পাঠকৰ পৰিকল্পনা আৰু অসমৰ অগ্ৰণী লােকশিল্পী প্রমথৰঞ্জন দাস কন্টিৰ পৰিচালনাত নির্মিত মােহন মুৰুলী নামৰ শ্ৰব্য চিডিখন শ্ৰোতাই আদৰি লব বুলি আশা প্ৰকাশ কৰিছে বৰপেটাবাসীয়ে ৷