অসম

assam

ETV Bharat / state

গীত-মাত-সুৰেৰে দৌল মহোৎসৱক আদৰিবলৈ ব্যস্ত এতিয়া সত্ৰনগৰী - উড়িশ্যাৰ শিল্পী অভিজিৎ বি দাস

সমাগত দৌল মহোৎসৱ ৷ বৰপেটা প্ৰেছ ক্লাৱত ৩টা হোলী গীতৰ ভিডিঅ' উন্মোচন ৷

গীত-মাত-সুৰেৰে দৌল মহোৎসৱক আদৰিবলৈ ব্যস্ত এতিয়া সত্ৰনগৰী
গীত-মাত-সুৰেৰে দৌল মহোৎসৱক আদৰিবলৈ ব্যস্ত এতিয়া সত্ৰনগৰী

By

Published : Mar 19, 2021, 10:17 AM IST

বৰপেটা, 19 মাৰ্চঃ নিৰ্বাচনী প্ৰচাৰৰ মাজতে বৰপেটা প্ৰেছ ক্লাৱ বাকৰিত বুধবাৰে 'ফাগুনী', 'ফাগুনী জোনাক' আৰু 'মুৰুলী' নামৰ তিনিটা হোলী গীতৰ ভিডিঅ’ উন্মোচন কৰা হয় ৷ বৰপেটাৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱক গীত-মাত-সুৰেৰে আদৰিবলৈ ব্যস্ত হৈ পৰিছে সত্ৰনগৰী বৰপেটাৰ হোলী গীতৰ শিল্পী সকল ৷

উল্লেখ্য যে, ৰাজ্যৰ সৰ্বত্ৰে এতিয়া বিধান সভাৰ নিৰ্বাচনে পৰিৱেশ উত্তাল কৰি ৰখাৰ মাজতে বৰপেটাবাসী ব্যস্ত হৈ পৰিছে দৌল মহোৎসৱক আদৰিবলৈ ৷ বৰপেটাৰ দৌল মহোৎসৱৰ পূৰ্বে এটাৰ পিছত আনটো হোলীগীত মুকলি কৰিছে শিল্পীসকলে ৷

গীত-মাত-সুৰেৰে দৌল মহোৎসৱক আদৰিবলৈ ব্যস্ত এতিয়া সত্ৰনগৰী

বৰপেটা প্ৰেছ ক্লাৱ বাকৰিত হোলীগীত উন্মোচনী অনুষ্ঠানত হোলী গীত কেইটি মুকলি কৰে ভূদেৱ দাস, চিন্ময় দাস, বাবুল চন্দ্ৰ দাস আৰু প্ৰমথৰঞ্জন কন্টিয়ে ৷ বৰপেটাৰ হোলীগীতৰ শিল্পী দেৱাগীৎজ, হীৰাশ্ৰী দাস আৰু উড়িশ্যাৰ শিল্পী অভিজিৎ বি দাসে কন্ঠদান কৰা হোলী গীত তিনিটাৰ মুকলি অনুষ্ঠানত বৰপেটাৰ কেবাগৰাকীও বিশিষ্ঠ ব্যক্তিয়ে অংশগ্ৰহন কৰে ৷

লগতে পঢ়ক:অভিজিত হাজৰিকাৰ হৈ নিৰ্বাচনী প্রচাৰ চলালে গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details